Imran Shah: অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, কথাশিল্পী ইমৰাণ শ্বাহক বৰ অসম সমন্বয় বঁটা ২০২১ প্ৰদান

Emran Shah

ফটো: নৰ্থইষ্ট নাও।

Imran Shah অসম দিৱসৰ দিনাই বৰ অসম সমন্বয় বঁটা প্ৰদান কৰে লক্ষীমপুৰ জিলা জাতীয়তাবাদী যুৱ পৰিষদে। পদ্মশ্ৰী, তথা বিশিষ্ট কবি সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কথাশিল্পী ইমৰাণ শ্বাহৰ ধাইআলিস্থিত নিজা বাসভৱনত লক্ষীমপুৰ জিলা সাহিত্য সভাৰ সহযোগত আৰু শিৱসাগৰ জিলা সাহিত্য সভাৰ আতিথ্যত এই বঁটা প্ৰদান কৰা হয়।

উল্লেখ্য যে প্ৰতি বছৰে অসম দিৱসৰ দিনা সমাজ জীৱনলৈ বৰঙণি আগবঢ়াই অহা একোগৰাকী বৰেণ্য  ব্যক্তিক বৰ অসম সমন্বয় বঁটা প্ৰদান কৰি আহিছে লক্ষীমপুৰ জিলা যুৱ পৰিষদে।

অসমীয়া সাহিত্য জগতলৈ নিজৰ কলমৰ দ্বাৰা ন ন সৃষ্টিৰাজিৰ জড়িয়তে সাহিত্যৰ ভড়াল চহকী কৰা বিশিষ্ট কবি-সাহিত্যিক কথাশিল্পী ইমৰাণ শ্বাহক এই বৰ্ষৰ বৰ অসম সমন্বয় বঁটা প্ৰদান কৰা হয়।

Also Read: Road Accident গোৱালপাৰাৰ গধাৰবড়ীত ভয়ংকৰ পথ দুৰ্ঘটনা; বাহনৰ মুখামুখি সংৰ্ঘষত এটা পৰিয়ালৰ ৫জন নিহত

এই বঁটাত আছে নগদ ২৫ হাজাৰ টকা, টাই আহোমৰ পৰম্পৰাগত অংগ বস্ত্ৰ, হেংদাং, জাপি, স্মাৰক, ফুলাম গামোচা, চেলেং চাদৰ, শৰাই আৰু সম্বৰ্ধনা পত্ৰ।

উল্লেখ্য যে ১৯৩৩ চনত জন্ম গ্ৰহণ কৰা ইমৰাণ শ্বাহে এই বৰ্ষত ভাৰত চৰকাৰৰ পৰা পদ্মশ্ৰী সন্মান লাভ কৰাৰ উপৰিও বিগত সময়ত অসম উপত্যকা সাহিত্য বঁটা,  আজানপীৰ বঁটা,  ৰংপুৰ গৌৰৱ বঁটাকে ধৰি বহু সন্মান লাভ কৰিছে।