NORTHEAST NOW (Assamese)

“মই অসমীয়া” বিতৰ্কক লৈ প্ৰতিক্ৰিয়া অসম সাহিত্য সভাৰ প্ৰাঃ সঃ পৰমানন্দ ৰাজবংশীৰ

April 22, 2020 5:37 pm · দীপজ্যোতি শৰ্মা
পৰমানন্দ ৰাজবংশী।

কবি চৈয়দ আব্দুল মালিকৰমই অসমীয়াকবিতাটি সন্দৰ্ভত সামাজিক মাধ্যমত বিতৰ্কিত পোষ্ট দিছিল মঙ্গলদৈ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰবক্তা ৰূপা ৰাণীয়ে৷

তেওঁ প্ৰয়াত কবিগৰাকীয়ে মোগল বন্দনা কৰা বুলি ফেচবুকত পোষ্ট দিছিল। এই পোষ্টৰ পিচতে তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল৷

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃপৰমানন্দ ৰাজবংশীয়ে৷

সমগ্ৰ বিশ্বৰ মহা সংকটৰ সময়ত নামে কামে অসমীয়া চৈয়দ আব্দুল মালিকৰমই অসমীয়াকবিতাটিৰ সন্দৰ্ভত দুই একৰ মতামত দেখি আমাৰ পুতৌ উপজিছে বুলি মন্তব্য কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃপৰমানন্দ ৰাজবংশীয়ে৷

তেওঁ কয় কবিতাটো পঢ়ি অনুপ্ৰাণিত হৈ দৰঙৰ আন এগৰাকী অসমীয়া সাহিত্যিক এম ইব্ৰাহিম আলিয়ে ‘তুমি যদি অসমীয়াকবিতা লিখিছিল।

দুয়োটা কবিতাই অসমীয়া কাব্য কাননৰ সুন্দৰ দেশপ্ৰেমমূলক দুটি সুগন্ধি পুষ্প। আমাৰ অসমগৌৰৱ সাহিত্যিকগৰাকী অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি,” ৰাজবংশীয়ে কয়৷

আনহাতে এই মহৎ কবিতাটিক লৈ কোনো ধৰণৰ বিতৰ্কৰ সৃষ্টি নকৰিবলৈ আহ্বান জনায় অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিগৰাকীয়ে৷

তেওঁ লগতে কয় আমাৰ দেহমনৰ ৰন্ধে ৰন্ধে এই কবিতাৰ অনুৰণন প্ৰবাহিত। অসমীয়া জাতীয়তাবাদী চিন্তাচেতনাৰ এক ফল্গুউৎসমই অসমীয়া

ইপিনে উল্লিখিত কবিতা দুটি বুজিবলৈ অসমৰ্থ কোনো অসমীয়া শিক্ষিত লোক যদি আছে তেনে অনাখৰী লোকক বুজাবলৈ কেইগৰাকীমান অষ্টমদশম শ্ৰেণীত পঢ়ি থকা ছাত্ৰছাত্ৰী আমাৰ সৈতে সাজু হৈ আছে বুলি মন্তব্য কৰে ৰাজবংশীয়ে।

Related News