Video|| কলিয়াবৰত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা; আহত যুৱ কংগ্ৰেছৰ প্ৰাঃ সভাপতি হিৰণ্য ভূঞা

কলিয়াবৰ তিনিআলিৰ পৰা মিছালৈকে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এইছোৱা পথ এতিয়া যাত্ৰীৰ বাবে মৰণফান্দত পৰিণত হৈছে। অসংখ্য গাঁত সৃষ্টি হোৱা পথছোৱা কেইবা বছৰ ধৰি মেৰামতি নকৰাৰ ফলত প্ৰায় সৰু-ডাঙৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে।

পথছোৱাৰ বিধ্বস্ত অৱস্থাৰ বাবেই আজি নিচেই পুৱাতে এখন ইন’ভা আৰু এখন ছুপাৰ বাছৰ মাজত সংঘৰ্ষ লাগে। ফলত ইন’ভাখনৰ দুজন আৰোহী আহত হয়। আহত দুজনৰ এজন যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি হিৰণ্য ভূঞা আৰু আনজন কিশোৰ ডেকা বুলি জানিব পৰা গৈছে।

জানিব পৰামতে, গুৱাহাটীৰ পৰা তেজপুৰলৈ গৈ থকা AS 12 AC 2002 নম্বৰৰ ইন’ভাখনত গুৱাহাটীৰ পৰা দেৰগাওঁ অভিমুখে গৈ থকা AS 24 C 2755 নম্বৰৰ নৈশবাছখনে ৩৭ ৰাষ্ট্ৰীয় ঘাইপথৰ বৰালিগাঁও অঞ্চলত পিছফালৰ পৰা খু্ন্দা মাৰে।

বাছৰ চালকে জনোৱামতে, পথত থকা ডাঙৰ ডাঙৰ গাঁতৰ বাবে ইন’ভাখনৰ আগে আগে গৈ থকা এখন ডাম্পাৰ গাড়ীয়ে হঠাৎ ব্ৰেক মৰাত ইন’ভাখনেও ব্ৰেক মাৰে। তাৰ ফলতে পিছে পিছে গৈ থকা বাছখনে ইন’ভাখনত খুন্দা মাৰে। বাছৰ খুন্দাৰ ফলত ইন’ভাখনে সন্মুখত থকা ডাম্পাৰখনত খুন্দা মাৰে। ফলত ইন’ভাখন দুয়োটা দিশত বেয়াকৈ ভাগি যায়।

দুৰ্ঘটনাত আহত যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি হিৰণ্য ভূঞা।

আনহাতে ইন’ভাখনে নিয়ন্ত্ৰণ হেৰুৱাই ডাম্পাৰখনত খুন্দা মৰাৰ পিছতে ডাম্পাৰখনৰ চালকজন উক্ত স্থানৰ পৰা পলায়ন কৰে।

স্থানীয় ৰাইজ আৰু মিছা আৰক্ষীয়ে আহত লোক দুজনক প্ৰাথমিক চিকিৎসাৰ বাবে জখলাবন্ধা চিকিৎসালয়লৈ প্ৰেৰণ কৰে।