NORTHEAST NOW (Assamese)

প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীক শ্ৰদ্ধা জনাই বন্ধ ৰাখিলে পাণবজাৰৰ গ্ৰন্থ বিপণি

August 17, 2018 4:48 pm · কল্পজ্যোতি শইকীয়া

মুল্যবোধৰ ৰাজনীতিৰ ঘাইখুঁটা তথা ভাৰতৰ এগৰাকী যুগদ্ৰষ্টা প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ বিয়োগত শোক প্ৰকাশ কৰি আজি পাণবজাৰস্থিত গ্ৰন্থ বিপণি সমূহ বন্ধ ৰাখে।

উল্লেখযোগ্য যে চৰকাৰী, বে-চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান সমূহ বন্ধ থকাৰ সমান্তৰালকৈ প্ৰাক্তন প্ৰধান মন্ত্ৰী গৰাকীলৈ শেষ শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে আজি পাণবজাৰস্থিত গ্ৰন্থৰ বিপণি সমূহ গ্ৰন্থ বিক্ৰেতা সকলে বন্ধ ৰাখে বুলি পুথি প্ৰকাশক সন্থাৰ ফালৰ পৰা জানিব পৰা গৈছে।

প্ৰাক্তন প্ৰধান মন্ত্ৰী গৰাকীলৈ শ্ৰদ্ধা জনাই বন্ধ ৰখা বিপণি সমূহৰ মাজত আছে নিউ জ্ঞানদীপ, বুক লেণ্ড দত্ত ব্ৰডাৰ্ছ কে ধৰি কেইবাখনো কিতাপৰ বিপণি।

তাৰোপৰি পাণবজাৰস্থিত মহামায়া ৰেষ্টুৰেণ্টতে প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীয়ে অসম ভ্ৰমণৰ সময়ত চাহ-পানী খাইছিল বুলি ৰেষ্টুৰেণ্টখনৰ স্বতাধিকাৰীয়ে আমাক জানিবলৈ দিয়ে। সেয়েহে আজিৰ দিনটোত প্ৰাক্তন প্ৰধান মন্ত্ৰী গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে মহামায়া ৰেষ্টুৰেণ্টো বন্ধ ৰাখে।

লগতে পাণবজাৰৰ অন্য কিছুমান বিপণিও প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে বন্ধ ৰখা দেখা যায়।

 

Related News