OMG ! সংবাদমেলতে কেঁচা মাছ চোবাই খালে এগৰাকী মন্ত্ৰীয়ে, ভাইৰেল ভিডিঅ’

a skynews-sri-lanka-fish-covid-19_5175294

চাহৰ চেঁচা, মাছৰ কেঁচা খাব নোৱাৰি…কিন্তু এগৰাকী মন্ত্ৰীয়ে আনে সচৰাচৰ নকৰা সেই কামটোকে কৰি বহুতকে আচৰিত কৰি তুলিছে।

প্ৰেক্ষাগৃহৰ ভিতৰত তেতিয়া সংবাদমেল চলিছে।বিভিন্ন কাকত, টিভি চেনেলৰ সাংবাদিকৰে ঠাহ খাই আছিল প্ৰেক্ষাগৃহ।

সংবাদমেল সম্বোধন কৰিছিল শ্ৰীলংকাৰ মৎস্য দপ্তৰৰ প্ৰাক্তন মন্ত্ৰী দিলীপ ওৱেৰাৰাচ্চিয়ে।সংবাদমেলত প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে কৈছিল যে শ্ৰীলংকাত এতিয়া মাছ খোৱা মানুহ কমি গৈছে. মাছ খালে ক’ৰ’ণা ভাইৰাছ হ’ব বুলি ভয় খায়েই বহুতে এতিয়া মাছ খাবলৈ এৰি দিছে।

কিন্তু মাছ খালে কেতিয়াও ক’ৰ’ণা ভাইৰাছ সংক্ৰমিত নহয় বুলি প্ৰাক্তন মন্তচ্ৰীগৰাকীয়ে ডাঠি কয় আৰু ইয়াৰ প্ৰমাণ দিয়াৰ বাবেই তেওঁ লগত নিয়া কেঁচা মাছ এটা চোবাই খাবলৈ ধৰে।

মন্ত্ৰীগৰাকীয়ে কেঁচা মাছ চোবাই খোৱাৰ ভিডিঅ’ এতিয়া ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে। কেঁচা মাছ চোবাই খাই প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে কয় যে মাছ ৰান্ধি খালে  ইয়াৰ পৰা ক’ৰ’ণা হ’ব নোৱাৰে।

আনকি কেঁচাই খালেও তাৰ কোনো আশংকা নাই ।

সেই কথাৰ প্ৰমাণ দিয়াৰ বাবেই তেওঁ কেঁচা মাছ চোবাই খাইছে বুলি প্ৰকাশ কৰে।

তেওঁ শ্ৰীলংকাৰ সকলো লোককে পূৰ্বৰ দৰেই মাছ খাবলৈ আহ্বান জনায়।