মুক্তিৰ পূৰ্বে বিতৰ্কৰ আৱৰ্তত সোমাই পৰা শ্বাহৰুখ খানৰ অভিনীত ছবি পাঠানে মুক্তিৰ পিছতো দেশজুৰি সেই ধাৰা অব্যাহত ৰাখিছে।
বৰং ছবিখনে মুক্তি পোৱাৰ পিছত ইয়াৰ প্ৰাৱল্য ক্ৰমান্বয়ে বৃদ্ধি পোৱাহে দেখা গৈছে। মুক্তিৰ দ্বিতীয়টো দিনতে প্ৰায় ২৫০ কোটিৰো অধিক ধন সংগ্ৰহ কৰিবলৈ সক্ষম হোৱা ছবিখনৰ সন্দৰ্ভত পুনৰ বিতৰ্কিত মন্তব্য কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ মাৰ্কাণ্ডে কাটজুৱে। কেৱল এটা মন্তব্য কৰিয়েই ক্ষান্ত নাথাকি ইটোৰ পিছত সিটো বিতৰ্কিত মন্তব্য কৰিছে প্ৰাক্তন ন্যায়াধীশগৰাকীয়ে।
ছবিখনে ছবিগৃহত মুক্তি লাভ কৰিয়ে কে’বাটাও অভিলেখ ভংগ কৰাৰ পাছতো বয়কট গেঙে ছবিখন ফ্ল’প হোৱা বুলি দাবী কৰি অহাৰ মাজতে দেশৰ প্ৰাক্তন ন্যায়াধীশগৰাকীয়ে নিজৰ ফেইচবুক একাউণ্টত অতি বিতৰ্কিত মন্তব্য কৰি সামাজিক মাধ্যমত তোলপাৰ লগাইছে।
প্ৰথমে ছবিখনৰ প্ৰতি দৰ্শকৰ প্ৰৱল উছাহ দেখি প্ৰাক্তন ন্যায়াধীশ কাটজুৱে মন্তব্য কৰিছিল যে এতিয়া দেশত মুৰ্খৰ সংখ্যা ৯৫ শতাংশলৈ বৃদ্ধি পালে। এই বিতৰ্কিত মন্তব্যই ধুমুহা সৃষ্টি কৰাৰ পাছতে পুনৰ শনিবাৰে পাঠান সন্দৰ্ভত অন্য এক বিতৰ্কিত মন্তব্য কৰিছে মাৰ্কাণ্ডে কাটজুৱে।
শনিবাৰে নিজৰ ফেচবুকত প্ৰাক্তন ন্যায়াধীশগৰাকীয়ে মন্তব্য কৰিছে যে “পাঠান চাবলৈ যোৱা দৰ্শক দেখি মোৰ এনে লাগিছে এই দেশ এখন পাগলখানালৈ পৰিণত হৈছে।”
ছচিয়েল মিডিয়াত মাৰ্কণ্ডে কাটজুৰ এই পোষ্টটোক লৈ অসংখ্য লোকে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ইমৰাণ বাল্যান নামৰ এজন ব্যৱহাৰকাৰীয়ে লিখিছে যে “সঁচাই মহাশয় এইটোৱেই হৈছে, মোকো এই ছবিখনে লুকুৱাই ৰাখিছে।” খুছবু খান নামৰ এজন ইউজাৰে লিখিছে যে এনেদৰে ভিৰ বাঢ়ি থাকিলে কেৱল আপুনি আৰু মইহে স্বাভাৱিক হৈ থাকিম, বাকী পৃথিৱীখনে উন্মাদৰ চিকাৰ হৈ পৰিব।
সিদ্ধাৰ্থ নামৰ এজন ব্যৱহাৰকাৰীয়ে লিখিছে যে প্ৰথমে বৰ্জনৰ ভাবুকি দিয়াবোৰ উদ্মাদ আছিল আৰু এতিয়া ছবিখন চাবলৈ যোৱা সকল উদ্মাদ হৈ পৰিছে। দুয়োটা অংশই উদ্মাদৰ চিকাৰ হৈছে।