• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিতৰ্কৰ মুখত পৰি বাদ পৰিল চন্দ্ৰচুড়! ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ পদত ভি ৰামসুব্ৰমনিয়ণ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
December 24, 2024 11:31 am
বিতৰ্কৰ মুখত পৰি বাদ পৰিল চন্দ্ৰচুড়! ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ পদত ভি ৰামসুব্ৰমনিয়ণ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই বিচাৰিছিল যে যোৱা মাহত অৱসৰ গ্ৰহণ কৰা উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড় ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ হওক। কিন্তু অৱশেষত এই পদৰ বাবে নিৰ্বাচিত হ’ল উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ভি ৰামসুব্ৰমনিয়ণ।

অহা ২০২৭ চনৰ ডিচেম্বৰ পৰ্যন্ত তেওঁ এই পদত অধিষ্ঠিত থাকিব। যোৱা বছৰ তেওঁ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ পদৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।

অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ক কিয় মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ কৰিব পৰা নগ’ল? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত এখন কমিটীয়ে আয়োগৰ অধ্যক্ষ পদৰ বাছনিৰ কাম কৰে। কমিটীৰ বাকী তিনিজন সদস্য হৈছে গৃহমন্ত্ৰী অমিত শ্বাহ, ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাজুন খাৰ্গে আৰু লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী।

যোৱা জুন মাহত ন্যায়াধীশ অৰুণ মিশ্ৰই অৱসৰ গ্ৰহণ কৰাৰ পিছত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ পদ খালী হৈ পৰিছিল। যোৱা মাহত চন্দ্ৰচুড়ৰ অৱসৰ লোৱাৰ পিছত এই পদ পূৰণৰ বাবে চৰকাৰে উদ্যোগ লৈছিল।

জানিব পৰা মতে, বৈঠকৰ সময়ত সমিতিৰ মুৰব্বী প্ৰধানমন্ত্ৰী মোডীয়ে ডি ৱাই চন্দ্ৰচুড়ক ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ বনোৱাৰ প্ৰস্তাৱ দিছিল আৰু ৰাহুল গান্ধী আৰু খাৰ্গেই তাত তীব্ৰ আপত্তি কৰিছিল।

মুখ্য ন্যায়াধীশ হিচাপে চন্দ্ৰচুড়ৰ কামক লৈ বিভিন্ন পক্ষৰ পৰা সমালোচনা অব্যাহত আছে। অভিযোগ উত্থাপন হৈছে যে তেওঁ দিয়া কেইবাটাও ৰায় দেশৰ বাবে ক্ষতিকাৰক হৈছে। সেয়ে চন্দ্ৰচুড়ৰ নামক লৈ কোনো একমত হ’ব পৰা নগ’ল।

একাধিক সূত্ৰৰ মতে ন্যায়াধীশ চন্দ্ৰচুড়েও বিতৰ্কৰ বাবে মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ হ’বলৈ অনিচ্ছা প্ৰকাশ কৰে। তদুপৰি মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ পদৰ বাবে নূন্যতম অৰ্হতা হ’ল উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ। সেইক্ষেত্ৰত চন্দ্ৰচুড় মুখ্য ন্যায়াধীশ আছিল।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কুকুৰৰ দৌৰাত্ম্য! বিহাৰ ষ্টেচনত এটা কুকুৰৰ বাবে এঘণ্টা পলম এক্সপ্ৰেছ ৰে’ল

কুকুৰৰ দৌৰাত্ম্য! বিহাৰ ষ্টেচনত এটা কুকুৰৰ বাবে এঘণ্টা পলম এক্সপ্ৰেছ ৰে’ল

August 19, 2025 9:38 am
ৰবটৰ গৰ্ভত জন্ম হ’ব মানৱ শিশু, চলিছে তীব্ৰ প্ৰস্তুতি; দূৰ হ’বনে বন্ধ্যাত্ব?

ৰবটৰ গৰ্ভত জন্ম হ’ব মানৱ শিশু, চলিছে তীব্ৰ প্ৰস্তুতি; দূৰ হ’বনে বন্ধ্যাত্ব?

August 19, 2025 9:31 am
যুদ্ধবিৰতিৰ অবিহনেও আগবাঢ়িব ইউক্ৰেইনৰ শান্তি আলোচনা! যুদ্ধবিৰতিৰ দাবী ত্যাগ ট্ৰাম্পৰ  

যুদ্ধবিৰতিৰ অবিহনেও আগবাঢ়িব ইউক্ৰেইনৰ শান্তি আলোচনা! যুদ্ধবিৰতিৰ দাবী ত্যাগ ট্ৰাম্পৰ  

August 19, 2025 8:43 am
‘ভোট চুৰি’ক লৈ মৌনতা! ‘আন্না হাজাৰেৰ টোপনি ভাঙিবনে? তীব্ৰ সমালোচনা কংগ্ৰেছৰ

‘ভোট চুৰি’ক লৈ মৌনতা! ‘আন্না হাজাৰেৰ টোপনি ভাঙিবনে? তীব্ৰ সমালোচনা কংগ্ৰেছৰ

August 19, 2025 7:57 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কুকুৰৰ দৌৰাত্ম্য! বিহাৰ ষ্টেচনত এটা কুকুৰৰ বাবে এঘণ্টা পলম এক্সপ্ৰেছ ৰে’ল

কুকুৰৰ দৌৰাত্ম্য! বিহাৰ ষ্টেচনত এটা কুকুৰৰ বাবে এঘণ্টা পলম এক্সপ্ৰেছ ৰে’ল

August 19, 2025 9:38 am
ৰবটৰ গৰ্ভত জন্ম হ’ব মানৱ শিশু, চলিছে তীব্ৰ প্ৰস্তুতি; দূৰ হ’বনে বন্ধ্যাত্ব?

ৰবটৰ গৰ্ভত জন্ম হ’ব মানৱ শিশু, চলিছে তীব্ৰ প্ৰস্তুতি; দূৰ হ’বনে বন্ধ্যাত্ব?

August 19, 2025 9:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd