• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘ভোট চুৰি’ক লৈ মৌনতা! ‘আন্না হাজাৰেৰ টোপনি ভাঙিবনে? তীব্ৰ সমালোচনা কংগ্ৰেছৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 19, 2025 7:57 am
65
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১১ চনত যেতিয়া কংগ্ৰেছ নেতৃত্বাধীন ইউ পি এ চৰকাৰখনে ইটোৰ পিছত সিটো দুৰ্নীতিৰ অভিযোগত বিদ্ধ হৈছিল, তেতিয়া আন্না হাজাৰে ৰাজপথলৈ ওলাই আহিছিল। ৰাজধানীৰ পৰাই তেওঁ ব্যাপক দুৰ্নীতি বিৰোধী আন্দোলন আৰম্ভ কৰে। লগতে তেওঁ লোকপাল আইন গৃহীত কৰাৰ দাবীত অনশন কৰে। যাৰ বাবে মনমোহন সিঙৰ চকীখনো থৰকবৰক হৈ পৰিছিল।

সেই ঐতিহাসিক ক্ষণৰ ১৪ বছৰৰ পাছত চৰকাৰৰ বিৰুদ্ধে আন এক গুৰুতৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে, ‘ভোট চুৰি’। এই বিষয়ত শাসকীয় বিজেপিৰ বিৰুদ্ধে বিৰোধী ঐক্যবদ্ধ। অৱশ্যে আন্না হাজাৰেক ক’তো দেখা পোৱা নাই। সোমবাৰে কংগ্ৰেছে তেওঁক ‘সত্যৰ পথত খোজ দিবলৈ’ আহ্বান জনায়।

Apply Now

মহাৰাষ্ট্ৰ কংগ্ৰেছৰ মুখপাত্ৰ অতুল লোন্ধেই কৈছে, ‘আন্নাৰ মৌনতা সঠিক নহয়। ভোট চুৰি দেশত ডাঙৰ সমস্যা। কিন্তু তেওঁ একো কোৱা নাই। যদি আন্নাই যুক্তি দিয়ে যে তেওঁ বুঢ়া হৈছে, যুৱক-যুৱতীসকলে মাত মাতিব লাগে, তেতিয়া আমি ক’ম যে প্ৰশ্নটো বয়সৰ নহয়। তেওঁ ক’ব লাগে, বিজেপিক ক্ষমতালৈ অনাৰ ষড়যন্ত্ৰৰ অংশ আছিল নেকি? ইউ পি এ চৰকাৰক বদনাম কৰাৰ ষড়যন্ত্ৰৰ অংশ আছিল নেকি?’

ইয়াতেই থমকি নৰ’ল কংগ্ৰেছৰ মুখপাত্ৰ। লোন্ধেৰ আন্নাক প্ৰশ্ন, ‘আপুনি এই চৰকাৰৰ সমৰ্থক নেকি আৰু সেইবাবেই আপুনি আগবাঢ়ি আহি সমগ্ৰ দেশতে চলি থকা নিৰ্লজ্জ ভোট চুৰিৰ কথা কোৱা নাই? আন্নাই কেতিয়াবা কৈছেনে যে তেওঁ বৰ্তমানৰ চৰকাৰখনক সিংহাসনত বহুৱাই ভুল কৰিলে? মহাত্মা গান্ধীয়ে সত্যৰ পথ অনুসৰণ কৰিছিল। আন্নাইও সত্যৰ পথ অনুসৰণ কৰা উচিত।’

ইয়াৰ পূৰ্বে দেওবাৰে মহাৰাষ্ট্ৰৰ পুনেত সমগ্ৰ চহৰখনত ভোট চুৰিৰ ক্ষেত্ৰত আন্না হাজাৰেক মৌনতা অৱলম্বন কৰাক সমালোচনা কৰি পোষ্টাৰ আৰু বেনাৰ লগোৱা হৈছিল। তেওঁক ‘টোপনিৰ পৰা উঠি’ ‘ভোট চুৰি’ৰ বিৰুদ্ধে আন্দোলনৰ নেতৃত্ব দিবলৈ আহ্বান জনোৱা হৈছিল। পোষ্টাৰ আৰু বেনাৰবোৰত লিখা আছিল, ‘আন্না, এতিয়া অন্তত টোপনিৰ পৰা উঠক। আনকি কুম্ভকৰ্ণও গভীৰ টোপনিৰ পৰা সাৰ পাই উঠিছে। তেন্তে আপুনি কিয় দেশৰ বাবে সেয়া কৰিব পৰা নাই?’

এই সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৮৮ বছৰীয়া আন্না হাজাৰেই। তেওঁ কয়, ‘মই উদ্যোগ লৈছিলো ১০খন আইন আনিবলৈ। কিন্তু ৯০ বছৰ বয়সতো যদি মানুহে আশা কৰে যে তেওঁলোকে শুই থাকিব আৰু মই সকলো কৰিম, তেন্তে মই ভাবো সেই প্ৰত্যাশা ভুল। মই ভাবো আজিৰ যুৱক-যুৱতীসকলে মই যি কৰিছো সেয়া আগুৱাই নিব লাগে।’

আন্না হাজাৰেৰ নেতৃত্বত চলা দুৰ্নীতি বিৰোধী আন্দোলনৰ জৰিয়তে ২০১৩ চনত লোকপাল আৰু লোকায়ুক্ত আইন প্ৰণয়ন কৰা হৈছিল। অৰবিন্দ কেজৰিৱালৰ আম আদমী পাৰ্টিৰ জন্ম হৈছিল। অৱশ্যে আন্না হাজাৰে সেই দলৰ কাষত থিয় দিয়া নাছিল। ইয়াৰ বিপৰীতে তেওঁ বিভিন্ন ক্ষেত্ৰত মোডী চৰকাৰৰ পক্ষ লোৱা দেখা গৈছে। তেওঁ অৰবিন্দ কেজৰিৱালক ৰাজহুৱাভাৱে সমালোচনা কৰিছে।

In Pune’s Pashan, banners mock Anna Hazare: “Wake up, the votes are stolen!” Classic Puneri style, but the nameless “brave” behind them lack spine. Expecting more from Anna at his age is absurd. Worse? So-called activists, old in their youth, waste their prime waiting for him to… pic.twitter.com/X5fTX54CWl

— Vijay Kumbhar (@VijayKumbhar62) August 17, 2025

দেওবাৰে ‘টোপনি ভঙা’ক লৈ আন্নাৰ প্ৰতিক্ৰিয়াৰ পাছত আম আদমী পাৰ্টিৰ মহাৰাষ্ট্ৰ ইউনিটৰ উপ-সভাপতি বিজয় কুম্ভৰে কয়, ‘আন্নাই সদায় ভুল স্থিতি গ্ৰহণ কৰে। যদি তেওঁ স্থিতি ল’বলগীয়া হয়, তেন্তে তেওঁ বাছি বাছি ল’ব নালাগে। ভুল তথ্যৰ ভিত্তিত তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তাতেই সকলো ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।’

অৱশ্যে যুৱক-যুৱতীসকলক আগবাঢ়ি আহিবলৈ আন্না হাজাৰেৰ আহ্বানক কুম্ভৰে সমৰ্থন কৰে। তেওঁ কয়, ‘আমি কিমান দিন আন্নাৰ ওপৰত নিৰ্ভৰ কৰিম? যুৱ প্ৰজন্মই আগবাঢ়ি আহি নিজৰ মতামত প্ৰকাশ কৰাৰ সময় আহি পৰিছে।’

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

October 14, 2026 12:17 pm
চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

October 14, 2026 10:46 am
লামডিঙত ১৯ বছৰীয়া যুৱতীৰ ৰহস্যজনক মৃত্যু! মৃত্যুৰ পূৰ্বে ইনষ্টাগ্ৰামত প’ষ্ট, প্ৰেমিকৰ বিৰুদ্ধে নিৰ্যাতনৰ গুৰুতৰ অভিযোগ

লামডিঙত ১৯ বছৰীয়া যুৱতীৰ ৰহস্যজনক মৃত্যু! মৃত্যুৰ পূৰ্বে ইনষ্টাগ্ৰামত প’ষ্ট, প্ৰেমিকৰ বিৰুদ্ধে নিৰ্যাতনৰ গুৰুতৰ অভিযোগ

October 14, 2026 9:30 am
নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

October 14, 2026 7:52 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

October 14, 2026 12:17 pm
চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

October 14, 2026 10:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd