তেলেংগানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। শুকুৰবাৰে পুৱা তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়। প্ৰাথমিকভাৱে জানিব পৰা গৈছে যে বি আৰ এছৰ নেতাজনৰ অস্ত্ৰোপচাৰ কৰা হ’ব পাৰে।
উল্লেখ্য যে কিছুদিন পূৰ্বে তেলেংগানাৰ বিধানসভা নিৰ্বাচনত কেচিআৰৰ দল পৰাজিত হৈছিল। কংগ্ৰেছে ৰাজ্যত প্ৰথমবাৰৰ বাবে চৰকাৰ গঠন কৰিছে।
তেলেংগানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ কি হৈছে? সূত্ৰ অনুসৰি, নিৰ্বাচনত পৰাজয়ৰ পিছত কেচিআৰ হায়দৰাবাদত আছিল। নিজৰ ঘৰতে বহুত মানুহক দেখাও কৰিছিল। বৃহস্পতিবাৰে নিজৰ ঘৰত হঠাতে পৰি যায়। শুকুৰবাৰে পুৱা তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়।
লগতে পঢ়কঃ ১২০০ কোটি টকাৰ GST ফাঁকিৰ অভিযোগ; গোচৰ ৰুজু কৰিও কিয় প্ৰত্যাহাৰ কৰিলে DREAM 11য়ে?
জানিব পৰা মতে, তেওঁৰ নিতম্বৰ হাড় ভাঙিছে। অস্ত্ৰোপচাৰ কৰা হ’ব পাৰে। অৱশ্যে প্রাক্তন মুখ্যমন্ত্রীগৰাকীৰ শাৰীৰিক অৱস্থা সুস্থিৰ বুলি খবৰ পোৱা গৈছে৷
উল্লেখ্য কেচিআৰ ৯ বছৰ ধৰি তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈছিল। অৱশ্যে শেহতীয়াকৈ সমাপ্ত হোৱা বিধানসভা নিৰ্বাচনত তেওঁৰ দল পৰাজিত হৈছে। তেওঁ দুখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিলেও এখন আসনত পৰাস্ত হয়।
তেলেংগানা গঠনৰ পিছত প্ৰথমবাৰৰ বাবে বি আৰ এছক উৎখাত কৰা হয়। বৃহস্পতিবাৰে তেলেংগানাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে কংগ্ৰেছৰ ৰেৱন্ত ৰেড্ডীয়ে। ইয়াৰ পিছতে কেচিআৰক চিকিৎসালয়ত ভৰ্তি কৰোৱা হ’ল।
লগতে পঢ়কঃ ইমান টকা! গণি গণি মেচিনেই বেয়া হৈ গ’ল; আয়কৰ বিষয়াসকলৰো চকু কপালত উঠিল
পৰ্যবেক্ষকসকলৰ মতে কেচিআৰৰ বিৰুদ্ধে বংশবাদৰ অভিযোগ বাঢ়ি আহিছিল। আঁৰত আছিল কেচিআৰৰ পুত্ৰ কেটি ৰামৰাও। তেওঁ পিতৃৰ মন্ত্ৰীসভাৰ সদস্যও আছিল।
কেটিআৰৰ বিৰুদ্ধেও বিভিন্ন সময়ত কেইবাটাও অভিযোগ উত্থাপন হৈছে। পিতৃৰ সৌজন্যতে পুত্ৰই বছৰৰ বেছিভাগ সময় আমেৰিকাত থাকে বুলিও বিৰোধীয়ে অভিযোগ উত্থাপন কৰে। আনহাতে কন্যা কে কবিতা ৰাও তেলেংগানা বিধান পৰিষদৰ সদস্য। দিল্লী সুৰা দুৰ্নীতিৰ গোচৰত তেওঁক জেৰাও কৰিছিল ইডিয়ে।