৫৮ বছৰ বয়সত অষ্টম সন্তানৰ পিতৃ হ’বলৈ ওলাইছে ব্ৰিটেইনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বৰিছ জনছন

ফটো: সংগ্ৰহীত।

ব্ৰিটেইনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ পত্নী কেৰীয়ে তৃতীয় সন্তানৰ অপেক্ষা কৰা বুলি ঘোষণা কৰিছে। ছচিয়েল মিডিয়া ইনষ্টাগ্ৰাম পোষ্টত তেওঁ এই কথা সদৰী কৰিছে। কেৰীয়ে কয় যে কেইসপ্তাহমানৰ পিছত তেওঁৰ তৃতীয়টো সন্তান জন্ম হ’ব।

৫৮ বছৰীয়া বৰিছ জনছন আৰু ৩৫ বছৰীয়া কেৰীৰ ক্ৰমে তিনি বছৰীয়া আৰু দুবছৰীয়া দুটা সন্তান আছে।

দুয়োৱে ২০২১ চনৰ মে’ মাহত বিবাহপাশত আবদ্ধ হৈছিল। ২০২০ চনত দ্বিতীয় পত্নী মেৰিনা ৱেলাৰৰ সৈতে বৰিছ জনছনৰ বিবাহ বিচ্ছেদ চূড়ান্ত হয়। সেই সংসাৰত বৰিছৰ চাৰিটা সন্তান আছে।

লগতে পঢ়ক: ড্ৰাগছ আসক্ত বা সৰবৰাহকাৰীৰ মৃত্যু হ’লে কবৰ দিব নোৱাৰিব; অসমৰে এক অঞ্চলৰ দৃষ্টান্তমূলক সিদ্ধান্ত

ইয়াৰ উপৰিও বৰিছৰ আন এজন প্ৰেমিকাৰ সৈতে সন্তান আছে। অৱশ্যে তেওঁৰ প্ৰথম পত্নী এলেগ্ৰা মষ্টিন-ৱেইনৰ কোনো সন্তান নাই।

প্ৰায় ২০০ বছৰৰ ভিতৰত প্ৰথমজন ব্ৰিটিছ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰি বিবাহপাশত আবদ্ধ হয় বৰিছ জনছন। এয়া আছিল তেওঁৰ তৃতীয় বিবাহ। দম্পতীহালৰ দুটা সন্তান আছে। তেওঁলোকৰ তিনি বছৰীয়া পুত্ৰৰ নাম উইলফ আৰু দুবছৰীয়া পুত্ৰৰ নাম ৰমী।

ইনষ্টাগ্ৰাম পোষ্টত কেৰীয়ে লিখিছে, “উইলফ আকৌ ককায়েক হ’ব বুলি খবৰটো শুনি খুব উৎসাহিত হৈছে। ইয়াৰ বিষয়ে অবিৰতভাৱে কথা পাতি আছে। কি হ’বলৈ গৈছে ৰমীয়ে কল্পনা কৰিব পৰা নাই বুলি নাভাবিব। সিও সোনকালে গম পাব।‘’

লগতে পঢ়ক: কি আছে! ছ’চিয়েল মিডিয়াত ভাইৰেল ৰিজিজু আৰু মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ৰ পুৰণি ভিডিঅ’

উল্লেখ্য যে বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহত বৰিছ জনছনে প্ৰধানমন্ত্ৰীৰ পদ ত্যাগ কৰিছিল। তেওঁৰ প্ৰথমা পত্নী এলেগ্ৰা মষ্টিন-ৱেইনৰ কোনো সন্তান নাই।