বিশ্বনাথত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে মাৰণাস্ত্ৰ সহ এজন প্ৰাক্তন আলফা সদস্যক

2c053e32-2b02-4f7f-a0d3-ae7ce28db01a

বিশ্বনাথত মঙলবাৰে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা প্ৰাক্তন আলফা প্ৰনব গগৈ ওৰফে পাপু। ফটো : নৰ্থইষ্ট নাও

বিশ্বনাথত মঙলবাৰে মাৰণাস্ত্ৰ সহ এজন প্ৰাক্তন আলফা সদস্যক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ বিশ্বনাথ জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত ৭ জাই সজীৱ গুলি আৰু পিষ্টল সহ প্ৰাক্তন আলফা সদস্যজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

গহপুৰৰ পুৰুববাৰীৰ প্ৰনৱ গগৈ ওৰফে পাপু গগৈ ওৰফে কেশৱ গগৈক বিশ্বনাথ জিলা ক্ৰীড়া সন্থাৰ  চকীদাৰ বিনীত দাসৰ কোৱাৰ্টাৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয়।  উল্লেখ্য যে প্ৰনৱ গগৈয়ে বিনীত দাসৰ জিয়ৰিক বিয়া কৰাইছিল।

প্ৰাক্তন আলফা পাপুৰ পৰা আৰক্ষীয়ে জব্দ কৰা পিষ্টল আৰু সজীৱ গুলী। ফটো : নৰ্থইষ্ট নাও

উল্লেখযোগ্য যে বিগত বৰ্ষৰ অক্টোবৰ মাহৰ ১০ তাৰিখে গহপুৰৰ পুৰুববাৰীৰ ব্যৱসায়ী যোগেন্দৰ সাহালৈ গুলিচালনা কৰি পাপুৱে ধনৰ বেগ কাঢ়ি নিছিল। যোৱাটো বৰ্ষৰে আগষ্ট মাহৰ ১ তাৰিখে পাপুৱে গহপুৰৰ নলবাৰীৰ পৰা অসমী ফাইনেঞ্চৰ কৰ্মচাৰীক বন্দুক দেখুৱাই মটৰ চাইকেল কাঢ়ি নিছিল।

ইতিমধ্যে ভাৰতীয় দণ্ডবিধিৰ ৩৪১, ৩০৭ (৩০) ধাৰাৰ অধীনত গহপুৰ আৰক্ষী থানাত ধৃত পাপুৰ বিৰুদ্ধে ২৮৯/১৮ নং গোচৰ পঞ্জীয়ন হৈ আছে l ২০০৯ চনত আলফাত যোগদান কৰা পাপু ওৰফে প্ৰশান্ত গগৈয়ে ম্যানমাৰত প্ৰশিক্ষণ লৈ  ২০১১ চনত পিষ্টলসহ লখিমপুৰত আত্মসমৰ্পণ কৰিছিল।

আনহাতে, সোমবাৰে নিশা বিনীত দাসৰ ঘৰত থাৰ্টিফাষ্টৰ পাৰ্টি কৰোতে পাপু আৰু পত্নীৰ মাজত কাজিয়া লাগে আৰু পাপুৱে পকেটৰ পৰা পিষ্টল উলিওৱা জেঠেৰিয়েকে দেখা পাই ইটাৰে পাপুৰ মুৰ ফালি দিয়ে। ইয়াৰ মাজতে কোনোবাই আৰক্ষীক খবৰ দিয়াত পিষ্টল সহ পাপুক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

ইপিনে, পাপুৱে গহপুৰৰ পুৰুববাৰীৰ ব্যৱসায়ী যোগেন্দৰক গুলি নাই মৰা বুলি স্বীকাৰ কৰি লগৰ জনেহে গুলিয়াইছিল বুলি সাংবাদিক আৰু আৰক্ষীক জানিবলৈ দিয়ে। ইতিমধ্যে যোগেন্দৰ পাটনাত চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে।

আন এক সুত্ৰৰ পৰা জানিব পৰা মতে পাপু এক বৃহৎ বাইক আৰু গাড়ী চোৰ চক্ৰৰ সৈতে জড়িত।