প্ৰাক্তন কেন্দ্ৰীয় বিত্ত মন্ত্ৰী পি চিদাম্বৰমক ১৪ দিনৰ বাবে তিহাৰ জেইললৈ প্ৰেৰণ

Modi Govt clueless about economy, it's stubborn, mulish: Chidambaram

প্রাক্তন কেন্দ্রীয় বিত্ত মন্ত্রী পি চিদাম্বৰম। ফাইল ছবি।

আই এন এক্স মিডিয়া গোচৰৰ বৃহস্পতিবাৰে দিল্লীৰ ৰাওজ এভিন্যুউ আদালতে শুনানিৰ পাছতে ইয়াৰ ৰায় প্ৰদান কৰে।

আদালতে পি চিদাম্বৰমক ১৯ ছেপ্টেম্বৰলৈকে অৰ্থাৎ ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

পৰৱৰ্তী ১৪ দিন তেওঁ তিহাৰ জেইলত থাকিব। উল্লেখযোগ্য যে চিবিআইয়ে প্ৰাক্তন বিত্ত মন্ত্ৰী চিদাম্বৰক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ বাবে আবেদন কৰিছিল। আনহাতে, চিদাম্বৰৰ অধিবক্তা কপিল চিব্বালে ইয়াৰ বিৰোধিতা কৰিছিল।

তিহাৰ জেইল প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াই জানিব দিয়া মতে, চিদাম্বৰম তিহাৰলৈ আহিলে তেওঁক সাধাৰণ কয়েদীৰ দৰেই জেইলত ৰখা হ’ব।

তিহাৰ জেইল প্ৰশাসনে আদালতৰ নিৰ্দেশটোৰ অপেক্ষা কৰি আছে। সেইটো পোৱাৰ পাছতে তেওঁক জেইলখনৰ কোনটো ৱাৰ্ডত ৰখা হ’ব সেয়া ঠিক কৰা হ’ব।

জানিব পৰা মতে, তেওঁক ৭ নম্বৰ জেইলত ৰখা হ’ব। এই জেইলখনত অৰ্থনৈতিক অপৰাধৰ সৈতে জড়িত ব্যক্তিসকলক ৰখা হয়। চিদাম্বৰমৰ পুত্ৰ কাৰ্তি চিদাম্বৰকো ৭ নম্বৰ জেইলত ৰখা হৈছিল।

আদালতত শুনানিৰ সময়ত ন্যায়িক জিম্মালৈ প্ৰেৰণৰ বিৰোধিতা কৰি কপিল চিব্বালে কয় যে চিদাম্বৰমৰ বিৰুদ্ধে এতিয়ালৈকে প্ৰমাণ বিনষ্ট কৰাৰ কোনো আৰোপ লগোৱা হোৱা নাই।

তেওঁ কয় যে অভিযুক্তৰ বিৰুদ্ধে তথ্যপাতিৰ এইটো সম্পূৰ্ণ গোচৰ। এইক্ষেত্ৰত অভিযুক্তক জামিন দিব পৰা যায়।

কিন্তু ছলিচিটৰ জেনেৰেলে ইয়াৰ বিৰোধ কৰি কয় যে এই গোচৰ চিদাম্বৰক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা সম্পৰ্কত জড়িত। আদালতেই জামিন আবেদনৰ ওপৰত ৰায় দিব। পৰৱৰ্তী পদক্ষেপো ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা সন্দৰ্ভতে হোৱা উচিত।

উল্লেখযোগ্য যে আদাৰতৰ দ্বাৰা পি চিদাম্বৰমক ৫ ছেপ্টেম্বৰ পৰ্যন্ত চিবিআইৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছিল আৰু আজি সেয়া সম্পূৰ্ণ হয়।

ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়তো এই গোচৰত পি চিদাম্বৰমক আন্তৱৰ্তীকালীন জামিন প্ৰদান কৰা হোৱা নাছিল যাৰ ফলত ই ডিৰ বাবে গ্ৰেপ্তাৰৰ পথ মুকলি হৈছিল।