অসম বিধান সভাৰ ৮২ সংখ্যক প্ৰতিষ্ঠা দিৱসত শ্ৰেষ্ঠ বিধায়কৰ বঁটা এ আই য়ু ডি এফৰ হাফিজ বছিৰ আহমেদ কাছিমলৈ

Assam-Legislative-Assembly-680x365

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ।

আজি অসম বিধান সভাৰ বৰ্তমানৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীৰ সভাপতিত্বত অসম সচিবালয়ৰ প্ৰেক্ষাগৃহত অসম বিধান সভাৰ ৮২ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। প্ৰতিষ্ঠা দিৱসৰ সাধাৰণ সভাত উপস্থিত থাকে বিহাৰৰ প্ৰাক্তন ৰাজ্যপাল দেৱানন্দ কোঁৱৰ। ৰাজ্যৰ শাসক আৰু বিৰোধী দলৰ বিধায়কসকলৰ লগতে বিধানসভাত কৰ্মৰত বিভিন্ন বৰ্গৰ কৰ্মচাৰীয়েও সভাত অংশগ্ৰহণ কৰে।

আনহাতে, আজি বিধান সভাৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ২০১৮-১৯ বৰ্ষৰ শ্ৰেষ্ঠ বিধায়ক, বিধান সভাৰ শ্ৰেষ্ঠ কৰ্মচাৰী আৰু শ্ৰেষ্ঠ সাংবাদিকতাৰ বঁটা প্ৰদান কৰা হয়। শ্ৰেষ্ঠ বিধায়কৰ বঁটা লাভ কৰে পশ্চিম বিলাসীপাৰা সমষ্টিৰ এ আই য়ু ডি এফৰ বিধায়ক হাফিজ বছিৰ আহমেদ কাছিমে। আনহাতে, শ্ৰেষ্ঠ সাংবাদিক আৰু বিধানসভাৰ শ্ৰেষ্ঠ কৰ্মচাৰীৰ বঁটা লাভ কৰে ক্ৰমে ভৱেন ঘিমিৰ আৰু মাধৱ ছেত্ৰীয়ে।

শ্ৰেষ্ঠ বিধায়কৰ বঁটা লাভ কৰি দিয়া ভাষণত বিধায়কগৰাকীয়ে এই সন্মান লাভ কৰাৰ বাবে নিজৰ সমষ্টিবাসী ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে বঁটা হিচাপে লাভ কৰা ১ লাখ টকা পুলুৱামাৰ শ্বহীদসকলৰ নামত উছৰ্গা কৰে।

উল্লেখযোগ্য যে, অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তৰালী শৰ্মাৰ গীতেৰে আৰম্ভ হোৱা সভাত প্ৰতিষ্ঠা দিৱসৰ স্মৰণিকা মুকলি কৰে অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই।