মাতৃভাষাৰ আগশাৰী শিক্ষা অনুষ্ঠান চিনামৰা জাতীয় বিদ্যালয়ৰ একবিংশতিতম প্ৰতিষ্ঠা দিৱস উদযাপন

মাতৃভাষাৰ আগশাৰী শিক্ষা অনুষ্ঠান চিনামৰা জাতীয় বিদ্যালয়ৰ একবিংশতিতম প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় ।

উল্লেখযোগ্য যে দক্ষিণ যোৰহাটৰ চিনামৰা অৱস্থিত অসমীয়া ভাষাৰ অগ্ৰণী শিক্ষা অনুষ্ঠান চিনামৰা জাতীয় বিদ্যালয় এই অঞ্চলৰ শিক্ষাৰ বাটকটীয়া বুলি কব পাৰি ।

যি সময়ত ইংৰাজী মাধ্যমৰ শিক্ষা অনুষ্ঠানে আগবাঢ়ি যোৱাৰ সমান্তৰাল ভাৱে এজন বিশিষ্ট শিক্ষাবিদ দিব্যজ্যোতি শৰ্মা আৰু তেওঁৰ সহধৰ্মিনী জেনীতা শৰ্মা, আৰু স্থানীয় ৰাইজৰ সহযোগত প্ৰাণ পাই উঠিছিল এই মাতৃভাষাৰ বিদ্যালয় খন ।

উল্লেখযোগ্য যে অসমৰ বিশিষ্ট চলচ্চিত্ৰ পৰিচালক,অভিনেতা,গায়ক তথা কবি হিমাশু প্ৰসাদ দাস প্ৰতিষ্ঠা দিৱসৰ বিশেষ আকৰ্ষণ কৰিবলৈ সক্ষম হয় ছাত্ৰ- ছাত্ৰীৰ মাজত ।

দিনজোৰা গীত, কবিতা ,নৃত্য অনুষ্ঠানেৰে ছাত্ৰ- ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী আৰু স্থানীয় অভিভাৱকৰ উপস্থিতিত আজি অনুষ্ঠানটো সম্পন্ন কৰে ।