ন-আলি ৰে’লৱে অভাৰব্ৰীজ এটা পাব্লিচিটী ষ্টাণ্ট : যুৱ ছাত্ৰ পৰিষদ
অসম যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট শাখাই অভিযোগ কৰিছে যে ৰাজ্য চৰকাৰে প্ৰস্তাৱিত ন-আলি ৰে’লৱে অভাৰব্ৰীজৰ আধাৰশিলা স্থাপন কৰাটোক পাব্লিচিটি ষ্টাণ্ট আখ্যা দিছে। কোনো বিতং প্ৰকল্প প্ৰতিৱেদন আৰু ভূমি অধিগ্ৰহণ অবিহনেই এই অভাৰব্ৰীজখন স্থাপন কৰিবলৈ চেষ্টা কৰিছে।
প্ৰস্তাৱিত ৩টা ৰে’লপথযুক্ত ন-আলি অভাৰব্ৰীজখনৰ আধাৰশিলা স্থাপনৰ দিন ছেপ্টেম্বৰৰ ৩০ তাৰিখ ধাৰ্য কৰা হৈছে আৰু মুখ্য মন্ত্ৰী সোণোৱালে আধাৰশিলা স্থাপন কৰিব। তেওঁৰ সৈতে উপস্থিত থাকিব গড়কাপ্তানি মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
উল্লেখ্য যে ৮৫৪.৬৮ মিটাৰ দৈৰ্ঘবিশিষ্ট এই অভাৰব্ৰীজখনে যানজঁট হ্ৰাস কৰিবলৈ নিৰ্মান কৰাৰ বাবে বহু দিনৰ পৰা দাবী উত্থাপন কৰি অহা হৈছে।
পৰিষদৰ যোৰহাট জিলা শাখাৰ সভাপতি ৰিতুল পাঠকে কৈছে যে তেওঁলোকে চৰকাৰে আধাৰশিলা স্থান কৰাটোক আদৰণি জনায় কিন্তু মাজুলীৰ যোৰহাট-লখিমপুৰ সংযোগী দলঙৰ নিচিনা যাতে নহয় তাক নিশ্চিত কৰিব লাগে। যিহেতু ভূমি অধিগ্ৰহণ কৰা হোৱা নাই সেয়ে কামটো অনতিপলমে আৰম্ভ কৰা হ’বনে নাই তাকে লৈ চিন্তাৰ উদ্ৰেক হৈছে।
তেওঁ কয় যে ক্ষতিপূৰণৰ ২৩.৮১কোটি টকা ৰাজ্য চৰকাৰে এতিয়াও মুকলি কৰি দিয়া নাই।
আনহাতে যোৰহাটৰ উপয়ুক্ত নাৰায়ণ কোঁৱৰে কৈছে যে জৰীপ সম্পূৰ্ণ হৈছে আৰু ভূমি অধিগ্ৰহণৰ প্ৰক্ৰিয়া চলি আছে।
কোঁৱৰে আৰু জনাইছে যে প্ৰক্ৰিয়াটো অতি সোনকালো সমাপ্ত হ’ব আৰু জিলা প্ৰশাসনে বিষয়টোক অগ্ৰাধিকাৰ প্ৰদান কৰিছে। জিলা প্ৰশাসনে এই সন্দৰ্ভত সংশ্লিষ্ট লোকসকলৰ সৈতে আলোচনা কৰিছে আৰু তেওঁলোকে মাটি এৰি দি সহযোগিতা কৰাৰ প্ৰতিশ্ৰুতি দিছে। উপায়ুক্তগৰাকীয়ে আৰু কৈছে যে ক্ষতিপূৰণৰ ধন ৰাজ্য চৰকাৰে অতি শীঘ্ৰেই মুকলি কৰি দিব।
উপায়ুক্তগৰাকীয়ে আৰু কৈছে যে আধাৰশিলা স্থাপনৰ পিছতেই বিকল্প পথৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰা হ’ব। তেওঁ কৈছে যে ইতিমধ্যে নিবিদা আহ্বানৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।