NORTHEAST NOW (Assamese)

গুৱাহাটীৰ চাৰি স্থানৰ পৰা উঠাই লোৱা হ’ল কণ্টেইনমেণ্ট জ’ন

May 28, 2020 7:05 pm · কল্পজ্যোতি শইকীয়া
প্ৰতীকী ছবি।

গুৱাহাটী মহানগৰীৰ চাৰিটা স্থানৰ পৰা বৃহস্পতিবাৰে উঠাই লোৱা কণ্টেইনমেণ্ট ন।

মহানগৰীৰ কুমাৰপাৰা, ফটাশিলৰ জি এছ কলনি, শান্তিপুৰৰ পূবালী পথ আৰু পাণবজাৰ ৰেলৱে কলনিৰ পৰা উঠাই লোৱা কণ্টেইনমেণ্ট ন।

উক্ত অঞ্চলসমূহত যোৱা ১৪ মে কণ্টেইনমেণ্ট হিচাপে ঘোষণা কৰিছিল কামৰূপ মহানগৰ জিলা প্ৰশাসনে।

এই চাৰিটা স্থানৰ পৰা একোজনকৈ লোকৰ দেহত ণা ভাইৰাছৰ উপস্থিতি পোৱা গৈছিল।

আজি ১৪ দিনৰ অন্তত কণ্টেইনমেণ্ট মুক্ত বুলি কামৰূপ মহানগৰ জিলা প্ৰশাসনে ঘোষণা কৰে।

উল্লেখযোগ্য যে, মহানগৰীৰ তৰুণ নগৰৰ দীনেশ ওজা পথ, নুনমাটি গোপাল নগৰৰ ভূপেন হাজৰিকা পথ, ৰুক্মিণী নগৰ জিৰণী পথ, ফাঁচি বজাৰৰ আলুপট্টি, দতালপাৰা আৰু মাইলৰ চি আৰ পি এফ গ্ৰুপ চেণ্টাৰ এতিয়াও কণ্টেইনমেণ্ট হিচাপে আছে।

Related News