দিল্লীৰ চান্দনি চ’ক বজাৰত ভাৰতত থকা ফ্ৰান্সৰ ৰাষ্ট্ৰদূত থিয়ৰী মাথাউৰ মোবাইল চুৰি হয়। তেওঁ পত্নীৰ সৈতে দীপাৱলী বজাৰলৈ ওলাই গৈছিল। চান্দনি চ’কৰ বজাৰত ঘূৰি চাইছিল। অভিযোগ অনুসৰি সেই সময়তে তেওঁৰ মোবাইল ফোনটো হেৰাই যায়। ২০ অক্টোবৰৰ এই ঘটনাৰ সৈতে জড়িত চাৰিজন লোকক আটক কৰিছে দিল্লী আৰক্ষীয়ে।
মোবাইল ফোন হেৰুৱাই আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে ফ্ৰান্সৰ ৰাষ্ট্ৰদূতগৰাকীয়ে। তেওঁ দ্ৰুত অনলাইনত ই-কম্প্লেইণ্ট দাখিল কৰে। ইয়াৰ পিছতে ফ্ৰান্সৰ দূতাবাসে সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰে। এই সন্দৰ্ভত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দূতাবাসৰ পৰা আৰক্ষীক নিৰ্দেশ দিয়া হয়।
লগতে পঢ়কঃ পাঁচ বছৰত সম্পত্তি বৃদ্ধি পাইছে ৫৭৫ শতাংশ; নিজকে ‘সৎ’ বুলি দাবী মহাৰাষ্ট্ৰৰ এইগৰাকী বিজেপি প্ৰাৰ্থীৰ
ইয়াৰ পিছত দিল্লী আৰক্ষীয়ে মোবাইল ফোনটোৰ সন্ধান আৰম্ভ কৰে। ৰাষ্ট্ৰদূতগৰাকীয়ে অভিযোগত উল্লেখ কৰিছে যে তেওঁৰ মোবাইল ফোনটো তেওঁৰ চাৰ্টৰ পকেটত ৰখা আছিল। চান্দনি চ’ক মাৰ্কেটৰ জৈন মন্দিৰৰ সন্মুখত সেইটো নোহোৱা হৈ যায়।
অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। বজাৰ এলেকাৰ সকলো চিচিটিভি ফুটেজ পৰীক্ষা কৰা হয়। তদন্তকাৰীয়ে তাৰ পৰা চাৰিজন লোকক চিনাক্ত কৰে। তেওঁলোকক গ্ৰেপ্তাৰ কৰা হয় । আৰক্ষীৰ সূত্ৰ অনুসৰি চাৰিওজনৰ বয়স ২০ৰ পৰা ২৫ বছৰৰ ভিতৰত। তেওঁলোকৰ পৰা চুৰি হোৱা মোবাইলটোও উদ্ধাৰ কৰে আৰক্ষীয়ে।
লগতে পঢ়কঃ অমানৱীয় কাণ্ড! মঙলদৈত দুৰ্ঘটনাৰ পিছত প্লাষ্টিকেৰে বন্ধা মৃতদেহ চোচৰাই নিলে আৰক্ষীয়ে
তেওঁৰ হেৰাই যোৱা মোবাইল ফোনটো ভাৰতত থকা ফ্ৰান্সৰ ৰাষ্ট্ৰদূতক ঘূৰাই দিয়াৰ পিছতে দিল্লী আৰক্ষীয়ে এক বিবৃতিত এই কথা প্ৰকাশ কৰিছে। গ্ৰেপ্তাৰ কৰা কেইজন ট্ৰেন্স যমুনা অঞ্চলৰ বাসিন্দা। জিম্মাত তেওঁলোকৰ জেৰা অব্যাহত ৰাখিছে। চান্দনি চ’ক মাৰ্কেটত দীৰ্ঘদিন ধৰি চোৰ আৰু পকেটমাৰৰ এটা দল সক্ৰিয় হৈ থকাৰ অভিযোগ উত্থাপন হৈ আহিছে। বহু সময়ত তাৰ পৰাই মোবাইল ফোন, সাধাৰণ মানুহৰ টকাৰ বেগ চুৰি হৈছে। আটক কৰা চাৰিজন লোকক জেৰা কৰি গেংটোৰ মুৰব্বীৰ কাষ চাপিবলৈ চেষ্টা চলাইছে আৰক্ষীয়ে।