বৰপেটাৰ ৰায়তপাৰাত পুখুৰীত গা ধুবলৈ গৈ চাৰিগৰাকী শিশু আৰু কিশোৰৰ কৰুণ সলিল সমাধি

d-4-570x320

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ। উৎস-ইণ্টাৰনেট

বৰপেটা জিলাৰ নগাঁওৰ ৰায়তপাৰাত আজি বিয়লি সংঘটিত হোৱা এটা শোকাৱহ দুৰ্ঘটনাত চাৰিগৰাকী শিশু-কিশোৰে প্ৰাণ হেৰুৱাক লৈ সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰে।

ৰায়তপাৰাৰ এটি পুখুৰীত বিয়লি চাৰিগৰাকী শিশু-কিশোৰৰ গা ধুবলৈ গৈ দুৰ্ভাগ্যজনকভাৱে সলিল সমাধি ঘটে ৷

ঘটনা সন্দৰ্ভত জানিব পৰা মতে আজি বিয়লি প্ৰায় ৪ মান বজাত ৰায়তপাৰাৰ এঘৰ লোকৰ ঘৰৰ পিছফালে থকা পুখুৰীত দুগৰাকী শিশু আৰু দুগৰাকী কিশোৰে গা ধুবলৈ নামে ৷ পুখুৰীতো দ’ হোৱা বাবে আৰু বাৰিষাকাল পুখুৰীত বেছিপানী থকাৰ ফলত গা ধুবলৈ পুখুৰীত নমা চাৰিওগৰাকী শিশু আৰু কিশোৰ পানীত ডুব যায়৷

ঘটনাটো সংঘটিত হোৱাৰ লগে লগে অঞ্চলটোত হুৱা-দুৱা লাগে ৷ স্থানীয় ৰাইজে চাৰিওগৰাকীকে উদ্ধাৰৰ বাবে পুখুৰীত নামে যদিও জীৱন্তে উদ্ধাৰ কৰাত ব্যৰ্থ হয় ৷

সলিল সমাধি ঘটা শিশু আৰু কিশোৰ চাৰি গৰাকী হ’ল ক্ৰমে- ৰণজিৎ দাসৰ পুত্ৰ অংখুৰ দাস( ৮), ধনজিৎ দাসৰ পুত্ৰ চহু দাস( ৭), বলো দাসৰ পুত্ৰ অংকুৰ দাস( ১২) আৰু খনিন দাসৰ পুত্ৰ হেমাংগ দাস( ১৫)৷

আটাইকেইগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ অহা হয়৷ একেখন গাঁৱৰ চাৰিগৰাকী শিশু আৰু কিশোৰে আকস্মিকভাৱে এনেদৰে মৃত্যুক সাৱতিব লগা হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।