NORTHEAST NOW (Assamese)

ইৰানৰ কাৰাগাৰত ভয়ানক অগ্নিকাণ্ড: নিহত চাৰি বন্দী, ৬০ জনৰো অধিক আহত

October 16, 2022 7:29 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: October 16, 2022 7:40 pm

ইৰানৰ ৰাজধানী তেহৰাণৰ এভিন কাৰাগাৰত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত চাৰিগৰাকী কাৰাবন্দী নিহত হোৱাৰ লগতে বহুকেইগৰাকী কাৰাবন্দী আহত হয়।

কৰ্তৃপক্ষৰ ভাষ্য অনুসৰি কেইবাগৰাকীও বন্দীৰ মাজত হোৱা সংঘৰ্ষৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হয়। জুয়ে ক্ৰমাৎ ভয়াৱহ ৰূপ লোৱাৰ মাজতে নিৰাপত্তাৰক্ষীয়ে ৭০ গৰাকী বন্দীক সুৰক্ষিত স্থানলৈ প্ৰেৰণ কৰে।

আনহাতে আহত মুঠ ৬১ গৰাকী বন্দীৰ ভিতৰত ৫১ গৰাকীক তাৎক্ষণিক চিকিৎসা প্ৰদান কৰা হয় আৰু আন ১০ গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

চিকিৎসাধীন হৈ থকা আহতসকলৰ ভিতৰত চাৰিজনৰ গৰাকীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

ইফালে কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে আজি পুৱাৰ ভাগলৈ এভিন কাৰাগাৰৰ পৰিস্থিতি স্বাভাৱিক পৰিস্থিতিলৈ ঘূৰি আহে।

স্থানীয়ভাৱে প্ৰকাশিত কিছু প্ৰতিবেদনত এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ পূৰ্বে কাৰাগাৰৰ ভিতৰত গুলীবৰ্ষণ আৰু বিস্ফোৰণ হোৱা বুলি দাবী কৰা হৈছে।

Related News