NORTHEAST NOW (Assamese)

বিষাক্ত কাঠফুলা ভক্ষণ কৰি ডিব্ৰুগড়ত চাৰিজনৰ মৃত্যু

April 11, 2022 4:35 pm · এন ই নাও নিউজ, গুৱাহাটী

বিষাক্ত কাঠফুলা ভক্ষণ কৰি ডিব্ৰুগড়ত চাৰিজন লোকৰ মৃত্যু হৈছে।

জানিব পৰা মতে, যোৱা ৭ এপ্ৰিলত ডিব্ৰুগড়ৰ এটা পৰিয়ালে অজ্ঞাত কাঠফুলা খোৱাৰ পিছতে অসুস্থ হৈ পৰিছিল।

ইয়াৰ পিছতে পৰিয়ালটোৰ অসুস্থ ব্যক্তি কেইজনক চিকিৎসাৰ বাবে লগে লগে ডিব্ৰুগড়ৰস্থিত অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল।

আজি চিকিৎসালয়তে চাৰিজনৰ মৃত্যু হোৱাৰ লগতে আন কেইজনমানৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

মৃত ব্যক্তিকেইজনক জোনালী প্ৰজা, ৰীমা কৰ্মকাৰ, চয়নিকা কৰ্মকাৰ আৰু অজয় কৰ্মকাৰ বুলি চিনাক্ত কৰা হৈছে।

Related News