ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৪ গৰাকী ডিনে পদত্যাগ পত্ৰ দাখিল কৰিছে

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ডিনৰ পদত্যাগ পত্ৰ। ছবি- নৰ্থ ইষ্ট নাও।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ হাতত সোমবাৰে পদত্যাগ অৰ্পণ কৰিছে বিশ্ববিদ্যালয়খনৰ ৪গৰাকীকৈ ডিনে।

পদত্যাগ কৰা ডিনকেইগৰাকী হ’ল বিজ্ঞান আৰু অভিযান্ত্ৰিক বিদ্যালয়ৰ ডিন এল কে নাথ, পৃথিৱী, পৰিৱেশ বিজ্ঞান, পৰিপাৰ্শ্বিক আৰু শক্তি বিদ্যালয়ৰ ডিন দিলীপ মজুমদাৰ, বাণিজ্য আৰু ব্যৱস্থাপনা বিজ্ঞান বিদ্যালয়ৰ ডিন অজন্তা বি ৰাজকোঁৱৰ আৰু হিউমেনিটিজ, সমাজ বিজ্ঞান আৰু আইন বিদ্যালয়ৰ ডিন এন কে হেন্দিক।

জানিব পৰা মতে এখন জাননীৰ চৰ্তসমূহৰ ‘চি’ পইন্টটো বিদ্যালয়সমূহৰ ডিনসকলৰ অজ্ঞাতসাৰেই যোৱা ২৩/০৮/২০১৮ত DU/DR-A/43-1/18/1102 মেম’যোগে উঠাই লোৱাৰ উপাচাৰ্য্যৰ সিদ্ধান্তত ডিন ৪গৰাকী অসন্তুষ্ট আছিল।

নৰ্থ ইষ্ট নাও-ক বাণিজ্য আৰু ব্যৱস্থাপনা বিজ্ঞান বিদ্যালয়ৰ ডিন অজন্তা বি ৰাজকোঁৱৰে কয়, ‘যোৱা বছৰ আগষ্টত এখন ১১জনীয়া সমিতি গঠন কৰা হৈছিল কিন্তু হঠাতে উপাচাৰ্য্য ৰঞ্জিত তামুলীয়ে আমাৰ সন্মতি অবিহনেই ‘চি’ পইণ্টটো উঠাই ল’লে। উপাচাৰ্য্যই শিক্ষক সন্থাৰ সৈতে এখন সভা কৰিলে আৰু পইণ্ট ‘চি’ উঠাই ল’বলৈ সিদ্ধান্ত কৰিলে। এই সিদ্ধান্তৰ পিছতে আমি খুব অপমানিত বোধ কৰিলো।’

তেওঁ কয় যে তেওঁলোকৰ সমিতিখন গঠন হোৱাৰ পিছত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উন্নয়নৰ বাবে তেওঁলোকে একেলগে কাম কৰি আহিছিল।

‘তেওঁলোকে যদি নিজেই সিদ্ধান্ত লয়, তেন্তে সমিতিখন কিয় গঠন কৰিছিল। আমি অপমানিত বোধ কৰিলো আৰু আমাৰ পদত্যাগ দাখিলৰ সিদ্ধান্ত গ্ৰহণ কৰিলো,’ অজন্তা বি ৰাজকোঁৱৰে জনালে।

‘আমি জানিব পাৰিছো যে উপাচাৰ্য্যই আমাৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰা নাই। এইটো আমাৰ দ্বিতীয় কাৰ্য্যকাল আৰু আমাক পইণ্ট ‘চি’ৰ ওপৰত কাম কৰিবলৈ কোৱা হৈছিল কিন্তু হঠাতে তেওঁলোকে বাতিল কৰিলে আৰু আমাৰ সমিতি ভংগ নকৰাকৈ আন এখন সমিতি গঠন কৰিলে,’ তেওঁ ক’লে।