• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মন্ত্ৰী পুত্ৰই গাড়ীৰে মহতীয়ালে প্ৰতিবাদকাৰী কৃষকক, নিহত ৪ কৃষক

নৰ্থ ইষ্ট নাও by নৰ্থ ইষ্ট নাও
October 4, 2021 12:51 pm
Car Runs Over Protestors in Lakhimpur Kheri
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোগী আদিত্য নাথৰ উত্তৰ প্ৰদেশত এইবাৰ সংঘটিত হৈছে প্ৰতিবাদকাৰী কৃষকৰ ওপৰত আক্ৰমণৰ ঘটনা। প্ৰতিবাদকাৰী কৃষকক গাড়ীৰে মহতীয়াই নিলে মন্ত্ৰী পুত্ৰই।

৩ অক্টোবৰ, দেওবাৰে উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰী জিলাৰ টিকুনিয়া গাঁৱত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰৰ কনভয়ে মহতীয়াই নিলে প্ৰতিবাদকাৰী কৃষকক। এই ঘটনাৰ ফলত চাৰিজন কৃষক নিহত হয় আৰু আঠজন গুৰুতৰভাৱে আহত হয়।

তিনি বিতৰ্কিত কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ টিকুনিয়া গাঁৱত কৃষকসকল সমবেত হৈছিল।

কৃষকসকলে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰক পুত্ৰক দুৰ্ঘটনাটোত জড়িত এখন গাড়ী চলাই থকাৰ পোনপটীয়া অভিযোগ উত্থাপন কৰিছে।

এই আক্ৰমণত খৰ্গহস্ত হৈ প্ৰতিবাদকাৰীসকলে কনভয়ৰ গাড়ী জ্বলাই দিয়ে। উত্তৰ প্ৰদেশ চৰকাৰে গাওঁখনত আৰু সমগ্ৰ জিলাতে ব্যাপক হাৰত আৰক্ষী কৰ্মী মোতায়েন কৰাৰ ফলত পৰিস্থিতি তৎক্ষণাৎ উত্তেজনাপূৰ্ণ হৈ পৰে।

উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য আৰু কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰক ক’লা পতাকা দেখুৱাই প্ৰতিবাদ সাব্যস্ত কৰিবলৈ কৃষকসকল টিকুনিয়াত একত্ৰিত হৈছিল।

কৃষকসকলৰ মতে তেওঁলোকে প্ৰথমে কেশৱ প্ৰসাদ মৌৰ্যক হেলিপেড ঘেৰাও কৰিছিল আৰু মন্ত্ৰীসকলৰ কনভয় ৰখা পথলৈ উভতি আহিছিল।

এই মুহূৰ্তত ক’লা পতাকা লৈ ৰাস্তাৰ দুয়োফালে থিয় হৈ থকা কৃষকসকলক তিনিখন গাড়ীয়ে খুন্দা মাৰে। মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰ আৰু তেওঁৰ সহযোগীয়ে এই দুৰ্ঘটনা সংঘটিত কৰিছে বুলি সংযুক্ত কিষাণ মৰ্চাই অভিযোগ উত্থাপন কৰিছে।

Latest News : ভুৱা মাৰ্কশ্বিটেৰে টেট শিক্ষক হিচাপে নিযুক্তি পোৱা চাৰিজন শিক্ষকক আটক কৰিলে আৰক্ষীয়ে

এই আক্ৰমণৰ ফলত এজন প্ৰতিবাদকাৰীৰ ঘটনাস্থলীত মৃত্যু হোৱাৰ বিপৰীতে আন চাৰিজন কৃষকৰ চিকিৎসালয়ত মৃত্যু হয় ।

স্থানীয় চিকিৎসালয়সমূহত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কেইবাজনো প্ৰতিবাদকাৰীক চিকিৎসাৰ বাবে ভৰ্তি কৰা হয়। আহতসকলৰ ভিতৰত সংযুক্ত কিষাণ মৰ্চাৰ অন্যতম নেতা তেজিন্দৰ এছ বিৰাকো আছে।

“উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰীৰ কাৰ্যসূচীৰ বিৰুদ্ধে প্ৰতিবাদ কৰি থাকোঁতে মন্ত্ৰীৰ কনভয়ৰ বাহনসমূহে পথৰ কাষত থিয় হৈ থকা কৃষকসকলক মহতীয়াই নিয়াৰ ফলত ৪ জন কৃষকৰ মৃত্যু হৈছে আৰু ৮ জন কৃষক গুৰুতৰভাৱে আহত হৈছে,” কৃষক সংস্থা সংযুক্ত কিষাণ মৰ্চাই টুইট কৰে।

পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে সহকাৰী সঞ্চালক প্ৰধান প্ৰশান্ত কুমাৰক পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে লখিমপুৰ খেৰী ভ্ৰমণ কৰিবলৈ নিৰ্দেশ দিয়ে।

আৰক্ষী সঞ্চালক প্ৰধান মুকুল গোয়েলে কয়, “লখিমপুৰৰ ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ ৰাজ্যক সতৰ্ক কৰি দিয়া হৈছে। লখিমপুৰৰ কাষৰ সকলো জিলাত উচ্চ সতৰ্কতা অৱলম্বন কৰা হৈছে। যিকোনো ধৰণৰ কাৰ্যকলাপৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিবলৈ নিৰ্দেশনা দিয়া হৈছে।”

ভাৰতীয় কৃষাণ ইউনিয়ন (BKU)ৰ নেতা ৰাকেশ টিকাইতো ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে। তেওঁ দাবী কৰে, “প্ৰতিবাদকাৰী কৃষকসকলক আক্ৰমণ কৰা হৈছিল, লখিমপুৰ খেৰীত কনভয়ৰ পৰাগুলীচালনা কৰা হৈছিল।” BKU (চাদুনি)ৰ গুৰনাম সিং চাদুনিয়ে টিকুনিয়াত গণ সমাৱেশৰ আহ্বান জনাইছে।

নৰ্থ ইষ্ট নাও

নৰ্থ ইষ্ট নাও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd