NORTHEAST NOW (Assamese)

ব্রহ্মপুত্রত নাও দুৰ্ঘটনা : জল পৰিবহনৰ চাৰি বিষয়া-কৰ্মচাৰীক নিলম্বন

September 7, 2018 8:44 am · এন ই নাও নিউজ
ব্রহ্মপুত্রত দুর্ঘটনাগ্রস্ত নাওখনৰ সন্ধানত সেনাৰ অভিযান। ফটো নর্থইষ্ট নাও

বুধবাৰে ব্ৰহ্মপুত্ৰৰ বুকুঁত সংঘটিত হোৱা ভয়ংকৰ নাও দুৰ্ঘটনাৰ বাবে বৃহস্পতিবাৰে পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আভ্যন্তৰীণ জলপৰিবহন বিভাগৰ চাৰিজন বিষয়াক নিলম্বিত কৰাৰ কথা ঘোষণা কৰিছে। এই কৰ্মচাৰী কেইজন হ’ল ক্ৰমে কাৰ্যবাহী অভিযন্তা বিক্ৰমাদিত্য চৌধুৰী, পূৰ্ণানন্দ দাস (গুৱাহাটী ফেৰীঘাটৰ দায়িত্ববাহী বিষয়া) আৰু দুজন চেকশ্যন বিষয়া ক্ৰমে ধৰ্মেশ্বৰ বৈশ্য আৰু জগদীশ দাস।

আনহাতে, মন্ত্ৰী পাটোৱাৰীয়ে মাত্ৰ গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ভুটভুটীৰ চলাচল বাৰিষা কালছোৱাত বন্ধ থাকিব বুলি উল্লেখ কৰে। এইক্ষেত্ৰত তেওঁ অন্য ঘাটৰ কথা কোৱা নাই।

এক বিবৃতিযোগে মন্ত্ৰী পাটোৱাৰীয়ে কয় যে গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজত ১০খন অতিৰিক্ত বাছ চলোৱা হৈছে। চলিত মাহতে তিনিখন নতুন ফেৰি গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজত চলোৱা হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে সদৰী কৰে। মন্ত্ৰী পাটোৱাৰীয়ে এই সম্পৰ্কত শীঘ্ৰেই এক নিয়ামক সংস্থা গঠনৰ কথাও ব্যক্ত কৰিছে।

ইপিনে এনেধৰণৰ ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষ তৎপৰ হৈ পৰে যদিও পিছত সকলো ফুটুকাৰ ফেনত পৰিণত হৈ পৰে। সেয়েহে এইধৰণৰ জনসাধাৰণৰ জীৱনৰ নিৰাপত্তা জড়িত হৈ থকা বিষয়ত চৰকাৰ তথা সংশ্লিষ্ট কৰ্তৃপক্ষই স্থায়ী সমাধানৰ দিশত মনোনিৱেশ কৰা উচিত বুলি সচেতন মহলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

Related News