NORTHEAST NOW (Assamese)

ভয়ংকৰ দুৰ্ঘটনা : কৰ্তব্যৰত অৱস্থাতে প্ৰাণ গ’ল চাৰি গৰাকী বনকৰ্মীৰ

August 30, 2019 9:35 am · এন ই নাও নিউজ
Updated: August 30, 2019 9:36 am

আজি পুৱতিনিশা সংঘটিত হৈছে এক শিহৰণকাৰী পথ দুৰ্ঘটনা। শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সোণতলীছিগাত বন বিভাগৰ এখন বাহন দুৰ্ঘটনাত পতিত হৈ চাৰিজন লোকৰ মৃত্যু হোৱাৰ লগতে দুজন গুৰুতৰভাৱে আহত হয়।

জানিব পৰা অনুসৰি ৬ গৰাকী বনকৰ্মীৰে শিৱসাগৰ পৰা যাত্ৰা কৰা জিপছি বাহনখন সোণতলীছিগাত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত বাগৰি পৰাৰ ফলতেই উক্ত দুৰ্ঘটনাটো সংঘটিত হয়।

এই ভয়ংকৰ দুৰ্ঘটনাটোত মৃত্যু হোৱা লোক কেইজনক ইতিমধ্যে চিনাক্ত কৰা হৈছে। তেওঁলোক হ’ল ক্ৰমে ফৰেষ্ট গাৰ্ড প্ৰশান্ত দত্ত, বিপুল হাজৰিকা, প্ৰিয়ম মেছ আৰু চালক নিজাম আহমেদ।

ইফালে দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আঘাত পোৱা ৰেঞ্জাৰ বুবুল বৰুৱা আৰু ফৰেষ্ট গাৰ্ড নিজামুদ্দিন আহমেদক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

প্ৰথম অৱস্থাত আহত লোক দুজনক শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও স্বাস্থ্যৰ গুৰুতৰ অৱনতিৰ প্ৰতি লক্ষ্য কৰি তেওঁলোকক ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।

কাৰিকৰী বিজুতিৰ বাবেই এ এছ ০৪ টি ৫৭৩৭ নম্বৰৰ মাৰুতি জিপছি বাহনখন দুৰ্ঘটনাত পতিত হোৱা বুলি জানিবলৈ দিয়ে।

Related News