NORTHEAST NOW (Assamese)

মধ্যপ্ৰদেশতো অব্যাহত মাওবাদ নিধন অভিযান : সেনাৰ গুলীত নিহত ৪ মাওবাদী সদস্য

June 15, 2025 8:45 pm · নৰ্থ-ইষ্ট নাও, গুৱাহাটী
Updated: June 15, 2025 8:17 pm

দেশত অব্যহাত আছে মাওবাদ নিধন অভিযান। ছত্তীশগড় ঝাৰখণ্ডৰ লগতে মধ্যপ্ৰদেশতো চলিছে সেনাৰ মাওবাদ বিৰোধী অভিযান।

মধ্যপ্ৰদেশত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা গুলীচালনাত ৪ মাওবাদী সদস্য নিহত হয়। লগতে, ঘটনাস্থলীৰ পৰা কেইবাটাও আগ্নেয়াস্ত্ৰ আৰু বিস্ফোৰক উদ্ধাৰ কৰা হয়।

জানিব পৰা মতে শনিবাৰে নিশা মধ্যপ্ৰদেশ আৰক্ষীৰ হক ফৰ্চ আৰু চি আৰ পি এফে গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰি বালাঘাট বনাঞ্চলত যৌথ অভিযান চলায়। কেইবাজনো মাওবাদীয়ে অঞ্চলটোত আত্মগোপন কৰি থকাৰ তথ্য পোৱা গৈছিল। সেই অনুসৰি অঞ্চলটোৰ চাৰিওফালে তালাচী আৰম্ভ কৰা হয়। ইফালে মাওবাদীয়ে গছৰৰ আঁৰৰ পৰা নিৰাপত্তাৰক্ষীৰ ওপৰত গুলীচালনা আৰম্ভ কৰে।

দুয়োপক্ষৰ মাজত দীৰ্ঘদিনীয়া গুলীচালনাৰ অন্তত অৱশেষত নিহত হয় চাৰিজন মাওবাদী নেতা। আৰক্ষীৰ সূত্ৰ অনুসৰি নিহত লোকসকলৰ ভিতৰত ৩গৰাকী মহিলা।মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱে কয় যে, “এই অভিযানত কেইবাটাও আগ্নেয়াস্ত্ৰ আৰু বিস্ফোৰক উদ্ধাৰ কৰা হৈছে। বালাঘাট ৰাজ্যৰ একমাত্ৰ মাওবাদীৰ উপদ্ৰৱ জিলা। আমাৰ আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে মাওবাদ ৰোধৰ বাবে অহৰহ কাম কৰি আছে।”

Related News