NORTHEAST NOW (Assamese)

অসমত আৰু চাৰি ক’ভিড ৰোগীৰ মৃত্যু, মুঠ মৃতকৰ সংখ্যা ২৭৮লৈ বৃদ্ধি

August 27, 2020 9:58 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

আৰু চাৰিগৰাকী ক’ভিড১৯ ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে, বৃহস্পতিবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ২৭৮লৈ বৃদ্ধি পাইছে।

শেহতীয়াকৈ মৃত্যু হোৱা লোককেইগৰাকী হৈছে— বাক্সাৰ সৰস্বতী নাথ (৫৬), ডিব্ৰুগড়ৰ অৰবিন্দ মেধি (৬৫), দৰঙৰ হাছান আলি (৫৯) আৰু কামৰূপ মহানগৰৰ ধনেশ্বৰ তালুকদাৰ (৪৬)।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

বুধবাৰলৈকে অসমত ২৭৪গৰাকী ব্যক্তিয়ে ক’ভিডত প্ৰাণ হেৰুৱাইছিল।

বিপৰীতে ৭৬,৯৬২গৰাকী ব্যক্তিয়ে অসমত বুধবাৰলৈকে ক’ভিডৰ পৰা আৰোগ্য লাভ কৰিছে।

অসমত বুধবাৰলৈকে সক্ৰিয় ৰোগীৰ সংখ্যা আছিল ১৯,৫৩২ (।)

বুধবাৰলৈকে অসমত চিনাক্ত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা ৯৬,৭৭১ (।)

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

Related News