NORTHEAST NOW (Assamese)

ৰাজ্যত পুনৰ চাৰিগৰাকী কোভিড-১৯ আক্ৰান্তৰ মৃত্যু; মৃতকৰ সংখ্যা ২০ গৰাকীলৈ বৃদ্ধি

July 8, 2020 12:28 pm · কল্পজ্য়োতি শইকীয়া
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

ৰাজ্যত ক’ৰ’নাৰ সংক্ৰমণৰ ফলত পুনৰ চাৰিগৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে এই কথা প্ৰকাশ কৰে।

আজি ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোক কেইগৰাকী হৈছে ক্ৰমে- গুৱাহাটীৰ হিদয়তপুৰৰ চফিকুল ৰহমান(৬০), বৰপেটাৰ পাটাছাৰকুছিৰ ৰুণুমী মজুমদাৰ (৬০), কাহিলীপাৰাৰ উৎপল কুমাৰ চহিলা (৭৫) আৰু লালগনেশৰ হৰি প্ৰসাদ মণ্ডল (৬৮)।

আটাইকেইগৰাকী লোকৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পাতালৰ আই চি য়ুত মৃত্যু হয়।

মৃত্যু হোৱা চাৰিওগৰাকী লোকে নিউমনিয়াকে ধৰি অন্যান্য শাৰীৰীক অসুস্থতাত ভূগি আছিল।

মঙলবাৰৰ দিনটোত ৰাজ্যত ধদাৰাম মুৰা (৪০) আৰু  দেৱী কাকতি নামৰ দুগৰাকী লোকে প্ৰাণ হেৰুৱাইছিল।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক’ৰ’নাৰ ফলত মৃত্যু হোৱা লোক কেইগৰাকীৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।

আজি মৃত্যু হোৱা লোক চাৰিগৰাকীৰ সৈতে ৰাজ্যত ক’ৰ’নাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ২০ গৰাকীলৈ বৃদ্ধি পালে।

অসমত বৰ্তমানলৈ মুঠ ১৩,৩৩৬ গৰাকী লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে আৰু ইয়াৰ ভিতৰত ৮৩২৯ গৰাকী লোক চিকিৎসাৰ অন্তত সুস্থ হৈ উঠিছে।

Related News