NORTHEAST NOW (Assamese)

বছৰৰ আৰম্ভণিতে ছত্তীশগড়ত এনকাউণ্টাৰত নিহত ৪ মাওবাদী, শ্বহীদ ১ জোৱান

January 5, 2025 11:57 am · এন ই নাও নিউজ, গুৱাহাটী

বছৰৰ আৰম্ভণিতে ছত্তীশগড়ত মাওবাদীৰ বিৰুদ্ধে চলিলে অভিযান। শনিবাৰে নিশাৰ পৰা অব্যাহত আছে নিৰাপত্তা বাহিনী আৰু মাওবাদীৰ মাজত দীঘলীয়া সংঘৰ্ষ। জানিব পৰা মতে, এই এনকাউণ্টাৰত চাৰিজন মাওবাদী নিহত হয়। অৱশ্যে মাওবাদীৰ গুলীত শ্বহীদ হ’ল এজন জোৱান। মাওবাদী শিবিৰৰ পৰা উদ্ধাৰ কৰা হৈছে একে ৪৭ আৰু ছেল্ফ লোডিং ৰাইফল (SLR) ।

মাওবাদীৰ বিৰুদ্ধে এই  অভিযান আৰক্ষী আৰু নায়াৰনপুৰ, দন্তেৱাৰা, জগদলপুৰ, কোণ্ডাগাঁৱৰ জিলা ৰিজাৰ্ভ গাৰ্ড (ডি আৰ জি) আৰু বিশেষ টাস্ক ফ’ৰ্চে যৌথভাৱে চলাইছে।

আৰক্ষীয়ে জনোৱা মতে, এই যৌথ অভিযানত মাওবাদীৰ গুলীচালনাত শ্বহীদ হয় ডি আৰ জিৰ হেড কনিষ্টবল ছান্নু কৰম।

জানিব পৰা মতে, নায়াৰনপুৰ আৰু দন্তেৱাৰা জিলাৰ সীমান্তৱৰ্তী মাওবাদী অধ্যুষিত আবুঝ্মাদ অঞ্চলত সংঘৰ্ষ চলে। শনিবাৰে নিশা সেই অঞ্চলত মাওবাদী শিবিৰৰ গোপন উৎস বিচাৰি পাই আৰক্ষী আৰু যৌথ নিৰাপত্তা বাহিনীয়ে অভিযান আৰম্ভ কৰে। ইয়াৰ পিছতে আৰম্ভ হয় গুলীৰ সংঘৰ্ষ। এই সংঘৰ্ষ বহুসময় ধৰি চলিছিল।

উল্লেখ্য যে ২০২৪ চনত সমাপ্ত হোৱা মাওবাদী এনকাউণ্টাৰৰ ৫০ শতাংশ এই আবুঝমাদ অঞ্চলৰ ঘাটিত হৈছিল। সংখ্যাটো প্ৰায় এশ। যোৱা অক্টোবৰ মাহত এই আবুঝমাদ অঞ্চলত ৩১জন মাওবাদী নিহত হৈছিল। এই অভিযানক মাওবাদী আন্দোলনৰ অন্যতম বৃহৎ সফলতা বুলি অভিহিত কৰা হৈছে।

গোৱাতকৈ ডাঙৰ এই আবুঝমাদ অঞ্চলটো আশীৰ দশকৰ পৰাই মাওবাদী ঘাটি হিচাপে পৰিচিত হৈ আহিছে। যোৱা বছৰ নিৰাপত্তা বাহিনীয়ে দাবী কৰিছিল যে আবুঝামদত অভিযান চলাই মাওবাদী ঘাটিৰ৫০ শতাংশ সন্ত্ৰাস মুক্ত হৈছে।

Related News