• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পাক সেনাৰ জোৱান ভৰ্তি বাছত বিস্ফোৰণ; কমেও ৬ জন নিহত, আহত ৩০ জনতকৈও অধিক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 5, 2025 10:40 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাকিস্তানৰ বেলুচিস্তানৰ তুৰবাট অঞ্চলত সংঘটিত এক ভয়ংকৰ বিস্ফোৰণৰ ঘটনাত সেনা জোৱান কঢ়িয়াই অনা এখন বাছক লক্ষ্য কৰি লোৱা হৈছে। অচিনাকি দুষ্কৃতিকাৰীয়ে ৰিম’ট কণ্ট্ৰ’ল বোমা ব্যৱহাৰ কৰি এই আক্ৰমণ সংঘটিত কৰে। এই ঘটনাত কমেও ৬জন সেনা জোৱান নিহত হোৱাৰ লগতে ৩০ জনৰো অধিক আহত হয়।

বিস্ফোৰণৰ কিছু সময়ৰ পাছতেই পাকিস্তান সেনা আৰু এম্বুলেন্সৰ বৃহৎ কনভয় সেই স্থানত উপস্থিত হয়। লগে লগে আহতসকলক ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয়। প্ৰকৃত মৃত্যুৰ সংখ্যা এতিয়াও নিশ্চিত হোৱা নাই যদিও স্থানীয় সূত্ৰ অনুসৰি মৃত্যুৰ সংখ্যা যথেষ্ট বেছি হ’ব পাৰে।

Apply Now

ৰিম’ট কণ্ট্ৰ’লড ডিভাইচ ব্যৱহাৰ কৰি এই বিস্ফোৰণটো সংঘটিত কৰা হৈছে, যিটো আপাত দৃষ্টিত পৰিকল্পিত আক্ৰমণৰ অংশ। ঘটনাস্থলীত উদ্ধাৰ হোৱা ধ্বংসাৱশেষৰ পৰা অনুমান কৰিব পাৰি যে এই বিস্ফোৰণৰ পৰিকল্পনা অতি পেছাদাৰীভাৱে কৰা হৈছিল। বিস্ফোৰণৰ ফলত বাছখন সম্পূৰ্ণৰূপে ধ্বংস হয়।

লগতে পঢ়কঃ অধিনায়ক সলনি হ’লেও সলনি ন’হল ভাগ্য! ছিডনীতো পৰাজয় টিম ইণ্ডিয়াৰ; বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী হেৰুৱাই WTCৰ ফাইনেলৰ আশাও নিৰ্বাপিত

এই ঘটনাত পাকিস্তান সেনাই এতিয়াও কোনো গোট বা সংগঠনৰ নাম উল্লেখ কৰা নাই। কিন্তু যোৱা কিছু বছৰত বেলুচিস্তান অঞ্চলত বিভিন্ন বিচ্ছিন্নতাবাদী গোট আৰু উগ্ৰপন্থীৰ কাৰ্যকলাপ বৃদ্ধি পাইছে। বেলুচ বিচ্ছিন্নতাবাদীয়ে দীৰ্ঘদিন ধৰি পাকিস্তানী সেনাবাহিনীক লক্ষ্য কৰি আহিছে।

অচিনাক্ত অপৰাধীৰ এনে আক্ৰমণৰ ঘটনা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে পাকিস্তানত। বিশেষকৈ বেলুচিস্তান অঞ্চলত সামৰিক আৰু অন্যান্য নিৰাপত্তা সংস্থাসমূহৰ ওপৰত আক্ৰমণ ভয়ংকৰভাৱে বৃদ্ধি পাইছে।

বিস্ফোৰণৰ পিছত পাকিস্তান সেনাই আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰি কয় যে এই ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে। কিন্তু তেওঁলোক এতিয়াও নিশ্চিত নহয় যে ইয়াৰ আঁৰত কোন জড়িত আছে।

পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে এই ঘটনাক তীব্ৰ গৰিহণা দি ইয়াৰ লগত জড়িতসকলক শাস্তি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। আমাৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ওপৰত এয়া আক্ৰমণ আৰু ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও তেওঁ কয়।

লগতে পঢ়কঃ নতুন বছৰত কি চলিল! Zomatoৰ জৰিয়তে গাৰ্লফ্ৰেণ্ড ডেলিভাৰী?

বেলুচিস্তান পাকিস্তানৰ সৰ্ববৃহৎ আৰু কম জনবসতিপূৰ্ণ প্ৰদেশ। এই অঞ্চলটো দীৰ্ঘদিন ধৰি বেলুচ বিচ্ছিন্নতাবাদীৰ বিদ্ৰোহৰ কেন্দ্ৰবিন্দু হৈ আহিছে। পাকিস্তান চৰকাৰৰ বিৰুদ্ধে স্বাধীনতাৰ দাবী উত্থাপন কৰি আহিছে বিচ্ছিন্নতাবাদীয়ে।

শেহতীয়াকৈ অঞ্চলটোত নিৰাপত্তা বাহিনীক আক্ৰমণৰ সংখ্যা বৃদ্ধি পাইছে। বিচ্ছিন্নতাবাদীয়ে সামৰিক বাহন, তেল আৰু গেছ স্থাপন, আৰু নিৰাপত্তা বাহিনীৰ টহলদাৰীক আক্ৰমণ কৰি আহিছে।

BIG BREAKING NEWS 🚨 A bus carrying Pakistani soldiers has been targeted by UNKNOWN MEN in Turbat.

Many Pak Soldiers D*ead after b0mb attacks.

Following the incident, a large number of Pakistani soldiers and ambulances rushed to the scene.

Pakistani forces are clueless. Such… pic.twitter.com/BlHyZ4zPzj

— Times Algebra (@TimesAlgebraIND) January 4, 2025

এনেধৰণৰ আক্ৰমণে পাকিস্তানৰ সাধাৰণ জনতাৰ মাজত ক্ৰমাৎ উদ্বেগ সৃষ্টি কৰিছে। তুৰবাট আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ স্থানীয় বাসিন্দাসকলে নিৰাপত্তা পৰিস্থিতিক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে।

বিস্ফোৰণৰ পিছত তুৰবাট আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত নিৰাপত্তা অধিক শক্তিশালী কৰা হৈছে। পাকিস্তান সেনা আৰু অন্যান্য নিৰাপত্তা সংস্থাই অভিযান আৰম্ভ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

July 17, 2026 8:49 pm
১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

July 17, 2026 7:58 pm
১২০০০ কিলোমিটাৰ দূৰৰ বিশ্বকাপক লৈ ৰক্তাক্ত বাংলাদেশ

১২০০০ কিলোমিটাৰ দূৰৰ বিশ্বকাপক লৈ ৰক্তাক্ত বাংলাদেশ

July 17, 2026 6:27 pm
ইউক্ৰেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে সফল ব্যৱসায়ী চেৰহি কোৰেটস্কিয়ে

ইউক্ৰেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে সফল ব্যৱসায়ী চেৰহি কোৰেটস্কিয়ে

July 17, 2026 5:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

July 17, 2026 8:49 pm
১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

July 17, 2026 7:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd