ড্রাগছ বিক্রী কৰাৰ অপৰাধত ধুবুৰীত আৰক্ষী,মহিলাকে ধৰি চাৰিজনক গ্ৰেপ্তাৰ; জেললৈ প্ৰেৰণ

Handcuff-arrested-1140x570

প্ৰতিনিধিত্বমূলক ফটো

নিষিদ্ধ দ্ৰব্যৰ অবৈধ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অভিযোগত ধুবুৰী আৰক্ষীয়ে জিলাখনৰ এগৰাকী আৰক্ষী কনিষ্টবল, দুগৰাকী মহিলাকে ধৰি চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীয়ে দেওবাৰে নিশা ধুবুৰী থানাৰ অন্তৰ্গত জগ্ৰাৰপাৰ প্ৰথম খণ্ড (জ্যোতিনগৰ)ত তালাচী চলাই লোক চাৰিজনক গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ কৰা লোককেইজনৰ দুগৰাকী ধুবুৰী চহৰৰ আৰ কে মিছন ৰোডৰ অনুপ সৰকাৰ (আৰক্ষী কনিষ্টবল) আৰু প্ৰসেনজিৎ জোৱাৰদাৰ বুলি চিনাক্ত কৰা হৈছে।

আনহাতে, গ্ৰেপ্তাৰ হোৱা মহিলা দুগৰাকীৰ এগৰাকী মানকাচৰ আৰক্ষী থানাৰ অন্তৰ্গত কাকৰিপাৰা প্ৰথম খণ্ডৰ মূল বাসিন্দা জুবি খাটুন বুলি চিনাক্ত হৈছে।

আনগৰাকী মহিলা ধুবুৰী জিলাৰ গোলকগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত বিদ্যাৰদাবৰি চতুৰ্থ খণ্ডৰ গাঁৱৰ তাছিৰণ বিবি বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে।

আৰক্ষীয়ে লগতে এক বৃহৎ পৰিমানৰ নিষিদ্ধ ড্ৰাগছ আৰু কফ ছিৰাপ উদ্ধাৰ কৰে।

উদ্ধাৰ কৰা সামগ্ৰীৰ ভিতৰত আছে ২৬ বটল Rc-Kuff কফ ছিৰাপ, ৭০টা Nitrazepam Plus টেবলেটৰ গতে ৮০টা Pyeevon Plus কেপছুল।

ধুবুৰী আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ এন ডি পি এছ আইনৰ ধাৰা ২২(চি)ৰ ২৬৯(জীৱনৰ বাবে বিপদজনক ৰোগৰ সংক্ৰমণ বিয়পোৱাৰ দৰে অৱহেলাৰ কাৰ্য) আৰু ধাৰা ২৭০( জীৱনৰ বাবে বিপদজনক ৰোগৰ সংক্ৰমণ বিয়পোৱাৰ দৰে দুষ্কৰ্ম)ৰ অধীনত ৫৯৫/২০২০ নম্বৰত এটা গোচৰ ৰুজু কৰিছে।

আৰক্ষীয়ে কয় যে অভিযুক্তই লগতে  কোভিড-১৯ মহামাৰীৰ ‘কন্টেইনমেন্ট জ’ন’ৰ প্ৰট’কলো ভংগ কৰিছে।

জিলা প্ৰশাসনে উক্ত অঞ্চলটোত এটা কোভিড-১৯ পজিটিভ ঘটনা ধৰা পৰাৰ পাছত কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছিল।

আনহাতে, অভিযুক্তকেইজনক সোমবাৰে আদালতত হাজিৰ কৰোৱাৰ পাছত তেওঁলোকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়।