NORTHEAST NOW (Assamese)

Containment zone declared বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ; মহানগৰীৰ এটা অঞ্চলৰ চাৰিটা স্থানক কন্টেইনমেন্ট জ’ন ঘোষণা

October 28, 2021 1:46 pm · এন ই নাও নিউজ, গুৱাহাটী
প্ৰতিনিধিত্বমূলক ফাইল ফটো।

Containment zone declared in Guwahati শেহতীয়াভাৱে ৰাজ্যজুৰি কোভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ সমান্তৰালকৈ গুৱাহাটী মহানগৰীতো বৃদ্ধি পাইছে সংক্ৰমণ।

মহানগৰীত কোভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত পুনৰ এটা অঞ্চলত কন্টেইনমেন্ট জ’ন ঘোষণা কৰা হৈছে।

মহানগৰীৰ ৰূপনগৰ অঞ্চলক কন্টেইনমেন্ট জ’ন ঘোষণা কৰা হৈছে।

কামৰূপ জিলা প্ৰশাসনে ৰূপনগৰৰ চাৰিটা স্থানক সামৰি কন্টেইনমেন্ট জ’নৰ পৰিসৰ নিৰ্দ্ধাৰণ কৰি দিছে।

 

সেই অনুসৰি, পূবে শ্ৰীমন্তপুৰ পথ, পশ্চিমে ৰূপনগৰ মূল পথ, উত্তৰে ASTC ৱৰ্কশ্বপ আৰু দক্ষিণে জিএমচি পথক সামৰি লৈছে কন্টেইনমেন্ট জ’নে।

আনহাতে, ৰূপনগৰৰ স্বতন্ত্ৰ সেনানী ভৱনত থকা মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ো কন্টেইনমেন্ট জ’ন ঘোষণা কৰা হৈছে।

জানিব পৰা মতে, কাৰ্যালয়টোৰ ১১জন বিষয়া-কৰ্মচাৰীৰ শৰীৰত কোভিড-১৯ সংক্ৰমণ ধৰা পৰিছে।

২৭ অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ জাৰি কৰা এই কন্টেইনমেন্ট জ’ন ৭ দিনৰ বাবে বাহাল থাকিব। 

Related News