NORTHEAST NOW (Assamese)

লখিমপুৰ জিলা কাৰাগাৰৰ পৰা পলাল ৪জন কয়েদী

October 3, 2020 11:58 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

লখিমপুৰ জিলা কাৰাগাৰৰ পৰা ৪জন কয়েদীয়ে পলায়ন কৰাৰ ঘটনা সংঘটিত হৈছে।

শুকুৰবাৰে মাজনিশা কাৰাগাৰৰ দেৱাল পাৰ হৈ কয়েদী কেইজনে পলায়ন কৰে।

কয়েদী কেইজনে তেওঁলোকক ৰখা কোঠাৰ দুৱাৰ ভাঙি দেৱাল পাৰ হৈ কাৰাগাৰৰ চৌহদৰ পৰা আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে।

কাৰাগাৰাৰৰ পৰা পলায়ন কৰা কয়েদী কেইজন হৈছে লোকনাথ পেগু ,ৰাহুল দৈমাৰী ,প্ৰণৱ বণিয়া আৰু পাপু দাস ৷

ইয়াৰ ভিতৰত লোকনাথ পেগু ধৰ্ষণৰ অপৰাধত জড়িত বুলি জানিব পৰা গৈছে।

আনহাতে, বাকী কয়েদী তিনিজন গাড়ী চোৰৰ অপৰাধত জড়িত বুলি জনা গৈছে।

আৰক্ষীয়ে পলায়ন কৰা কয়েদীকেইজনক কৰায়ত্ত কৰাৰ বাবে ব্যাপক তালাচী অভিযান চলাইছে।

Related News