ৰাষ্ট্ৰীয় শক্তিক পৰাস্ত কৰিবলৈ ছিকিমত একত্ৰিত চাৰি আঞ্চলিক শক্তি

sikkim-progressive-alliance-1-750x375

ফটো : নৰ্থ-ইষ্ট নাও

আগন্তুক বিধানসভা আৰু লোকসভা নিৰ্বাচনৰ বাবে হাত মিলালে ছিকিমৰ চাৰিটা আঞ্চলিক ৰাজনৈতিক দলে। আসন্ন নিৰ্বাচনত ৰাষ্ট্ৰীয় ৰাজনৈতিক শক্তি সমূহক প্ৰত্যাহ্বান জনোৱাৰ উদ্দেশ্যে এই চাৰি আঞ্চলিক দলে ছিকিম প্ৰগ্ৰেছিভ এলায়েন্স (এছ পি এ) নামৰ মিত্ৰজোঁট গঠন কৰিছে।

বুধবাৰে ছিকিমৰ ৰাজধানী গেংটকত চাৰিওটা দলৰ মাজত অনুষ্ঠিত বৈঠকতে মিত্ৰতা সন্দৰ্ভত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

ছিকিম সংগ্ৰাম পৰিষদৰ অধ্যক্ষ তথা প্ৰাক্তন সাংসদ দিল কুমাৰী ভাণ্ডাৰিৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বৈঠকখনত ছিকিম নেশ্যনেল পিপলছ পাৰ্টী, ছিকিম ৰাজ্য মঞ্চী, ছিকিম য়ুনাইটেড ফ্ৰণ্ট আৰু ছিকিম সংগ্ৰাম পৰিষদৰ শীৰ্ষ পৰ্যায়ৰ নেতা-কৰ্মীসকল উপস্থিত থাকে।

চাৰিওটা দলৰ নেতা-কৰ্মীৰ মাজত দীঘলীয়া সময় ধৰি হোৱা আলোচনাৰ অন্তত ছিকিম প্ৰগ্ৰেছিভ এলায়েন্স নামেৰে জোঁটবন্ধন গঠন কৰি ৰাজ্যখনত একেলগে অনুষ্ঠিত হ’ব লগীয়া বিধানসভা আৰু লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

বুধবাৰৰ বৈঠকতে সৰ্বসন্মতি ক্ৰমে ছিকিম ৰাজ্য মঞ্চীৰ অধ্যক্ষ তথা বিধায়ক ৰূপ নাৰায়ণ চামলিঙক আহ্বায়ক, ছিকিম সংগ্ৰাম পৰিষদৰ অধ্যক্ষ দিল কুমাৰী ভাণ্ডাৰিক মুখ্য উপদেষ্টা, ছিকিম নেশ্যনেল পিপলছ পাৰ্টীৰ অধ্যক্ষ আৰু ছিকিম য়ুনাইটেড ফ্ৰণ্টৰ অধ্যক্ষক এছ পি এৰ উপদেষ্টা হিচাপে নিৰ্বাচিত কৰা হয়।

আনহাতে ছিকিম সংগ্ৰাম পৰিষদৰ সাধাৰণ সম্পাদক ডি বি বাছনেটক এছ পি এৰ মুখপাত্ৰ হিচাপে নিযুক্তি দিয়ে। ইফালে এছ পি এৰ তৰফৰ পৰা অতি শীঘ্ৰে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হ’ব বুলি জনায়।