শনিবাৰে নিশা বোকাখাতৰ নাতিদূৰৰ সাপজুৰিত ৰামেশ্বৰ চাহু নামৰ লোকজনৰ বাসগৃহত অগ্নিকাণ্ড সংঘৰ্টিত হয় ৷
ৰামেশ্বৰ চাহুৰ পুত্ৰ সুনীল চাহুয়ে নীতিবৰ্হিভুত ভাৱে মজুত ৰখা ৰন্ধন গেছৰ চিলিণ্ডাৰ পৰাই এই অগ্নিকাণ্ডৰ সুত্ৰপাত হয় বুলি বিভিন্নজনে সন্দেহ কৰিছে ৷
বৈদ্যুতিক বিজুতিৰে অগ্নিসংযোগ হোৱাৰ পিছত বাসগৃহৰ লগতে থকা দোকান আৰু চিলিণ্ডাৰত অগ্নি সংযোগ হোৱাৰ ফলতেই সংঘটিত অগ্নিকাণ্ডই চানি ধৰে অঞ্চলটো ৷
একে ঘৰৰে তিনিখনকৈ দোকান অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত হয় ৷ নিশাৰ এই ভয়াবহ অগ্নিকাণ্ডৰ ফলত ৰামেশ্বৰ চাহুৰ লগতে সংলগ্নিত চাৰিখনকৈ দোকান ভস্মীভূত হোৱাৰ লগতে এখন মালবাহী মেজিকো অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত হয়৷
পিছত বোকাখাতত থকা অগ্নি নিৰ্বাপক বাহিনীৰ ৪ খন গাড়ীৰ লগতে নুমলীগড় শোধনাগাৰৰ দুখন অগ্নি নিৰ্বাপক গাড়ীয়ে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ ঘটনাত বহু সা-সম্পত্তি নষ্ট হয় যদিও কোনো লোক হতাহত হোৱা নাই ৷