ভুৱা মাৰ্কশ্বিটেৰে টেটত নিযুক্তি পোৱা চাৰিজন টেট শিক্ষক জালত পৰিল আৰক্ষীৰ।
হাজোত নিশা কামৰূপ আৰক্ষীয়ে অভিযান চলাই ভুৱা মাৰ্কশ্বিটেৰে টেটত নিযুক্তি পোৱা চাৰিগৰাকী টেট শিক্ষকক আটক কৰিবলৈ সক্ষম হয়।
এই অভিযানত ভুৱা মাৰ্কশ্বিট ,চাৰ্টিফিকেটৰে টেটত নিযুক্তি পোৱা চাৰিগৰাকী টেট শিক্ষকক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে।
Latest News: দূৰ্গাপূজা: প্ৰশাসনৰ এই কেইটা নিয়ম মানিলেহে অনুষ্ঠিত কৰিব পাৰিব পূজা, কি কি নিয়ম?
আটক হৈছে হাজোৰ বঙালপাৰাৰ আজিজুৰ ৰহমান, মনোৱাৰ হুছেইন আৰু আন্ধুপাৰাৰ মনোৱাৰ খানৰ লগতে ছহিবুৰ ৰহমান।
এই আটাইকেইজন টেট শিক্ষকে চিৰাং আৰু বাক্সা জিলাত এমাহ পূৰ্বে নিযুক্তি লাভ কৰিছিল।
আৰক্ষীয়ে শিক্ষক কেইজনক আটক কৰি তদন্ত আৰম্ভ কৰিছে। উল্লেখ্য ৰাজ্যত বহু লোকে ভুৱা শৈক্ষিক নথি-পত্ৰে টেট শিক্ষক হিচাবে নিযুক্তি লাভ কৰাৰ গুৰুতৰ অভিযোগ উঠি আহিছে।
আৰক্ষীয়ে তেনে লোকসকলৰ ভিতৰৰে চাৰি জনক আটক কৰাৰ পিছত অধিক তদন্ত কৰিলে জালিয়াতিৰ আশ্ৰয় লোৱা আৰু বহু তেনে লোক আটক হ’ব বুলি সচেতন মহলে আশা প্ৰকাশ কৰিছে।