• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দূৰ্গাপূজা: প্ৰশাসনৰ এই কেইটা নিয়ম মানিলেহে অনুষ্ঠিত কৰিব পাৰিব পূজা, কি কি নিয়ম?

নিৰ্দেশনা মানি চলাৰ লিখিত প্ৰতিশ্ৰুতি দিলেহে পাব অনুমতি

মুকেশ সিং,ধুবুৰী by মুকেশ সিং,ধুবুৰী
October 4, 2021 7:18 am
11
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্য চৰকাৰে প্ৰকাশ কৰা শেহতীয়া এছ অ’ পিৰ ভিত্তিত কোভিড পৰিস্থিতিত সৰ্বসাধাৰণ ৰাইজৰ জীৱন আৰু স্বাস্থ্য ৰক্ষাক সৰ্বাধিক গুৰুত্ব দি আৰু সকলোৰে সামগ্ৰিক স্বাৰ্থৰ কথা বিবেচনা কৰি ধুবুৰী জিলা প্ৰশাসনে দূৰ্গা পূজা সমিতিসমূহৰ বাবে কেতবোৰ নিৰ্দেশনা প্ৰস্তুত কৰিছে৷

জাৰি কৰা সাধাৰণ নিৰ্দেশনাবোৰ মানি চলিবলৈ ধুবুৰী জিলা উপায়ুক্ত অন্বামুথন এম পিয়ে জিলাখনৰ সকলো দূৰ্গা পূজা সমিতিক আহ্বান জনাইছে৷

Apply Now

জিলা প্ৰশাসনৰ নিৰ্দেশনা অনুসৰি সকলো পূজা সমিতিয়ে জিলা প্ৰশাসনৰ ওচৰত পূজা আয়োজনৰ অনুমতি বিচাৰি আবেদন কৰিব লাগিব৷

আবেদন কৰোতে পূজা সমিতিসমূহে জিলা প্ৰশাসনৰ নিৰ্দেশনা মানি চলিব বুলি লিখিত প্ৰতিশ্ৰুতি দিব লাগিব৷
পূজা সমিতিসমূহে অনুমতিৰ আবেদন স্থানীয় আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ জৰিয়তে কৰিব লাগিব৷

প্ৰতিখন পূজা মণ্ডপে এটা পৃথক অস্থায়ী বৈদ্যুতিক সংযোগ এপিডিচিএলৰ পৰা লব লাগিব আৰু লগতে বিকল্প হিচাপে এটা জেনেৰেটৰ মজুত ৰাখিব লাগিব৷

অনুমতিৰ বাবে আবেদন কৰোতে পূজা সমিতিসমূহে অগ্নি নিৰ্বাপক বাহিনীৰ পৰা আপত্তি বিহীন প্ৰমাণ পত্ৰ, পূজা সমিতিৰ সদস্য আৰু স্বেচ্ছাসেৱকৰ তালিকা আৰু তেওঁলোকৰ প্ৰতিজনে কমেও এপালি কোভিড প্ৰতিষেধক লোৱাৰ প্ৰমাণপত্ৰ, আৰু অস্থায়ী বৈদ্যুতিক সংযোগৰ বাবে আবেদন কৰোতে ধন জমা দিয়াৰ প্ৰমাণ পত্ৰ লগত গাঁঠি দিব লাগিব৷

ভক্তৰ সমাগম আৰম্ভ হোৱাৰ পূৰ্বে পূজা মণ্ডপৰ বৈদ্যুতিক সংযোগৰ সুৰক্ষা সন্দৰ্ভত লোক নিৰ্মাণ(বৈদ্যুতিক) বিভাগৰ পৰা লাভ কৰা আপত্তিবিহীন প্ৰমাণ পত্ৰ জমা দিব লাগিব৷

দুপালি কোভিড প্ৰতিষেধক ললেও সকলো স্বেচ্ছাসেৱক, পূজাৰী আৰু আয়োজকে পঞ্চমীৰ দিনা আৰু দশমীৰ পিছদিনা বাধ্যতামূলক কোভিড পৰীক্ষা কৰিব লাগিব৷

সকলো পূজা মণ্ডপতে ক্লজ চাৰ্কিট কেমেৰা লগাব লাগিব আৰু চি চি কেমেৰাৰ মণিটৰত প্ৰতি মূহুৰ্ততে চকু ৰখাৰ বাবে স্বেচ্ছাসেৱক নিয়োগ কৰিব লাগিব৷

পূজা মণ্ডপ আহল বহল হ’ব লাগিব, সকলো দিশৰ পৰা মুকলি থাকিব লাগিব আৰু লগতে প্ৰৱেশ আৰু প্ৰস্থানৰ পথ পৃথক হ’ব লাগিব৷

মণ্ডপৰ ভিতৰত ফেচ মাস্ক পিন্ধা ভক্তহে প্ৰৱেশ কৰিব পাৰিব আৰু ভিতৰত সকলোৱে কোভিড বিধি মানি চলিব লাগিব৷ পূজা মণ্ডপৰ প্ৰৱেদ্বাৰত সমিতিয়ে হাত ধোৱাৰ ব্যৱস্থা, হেণ্ড ছেনিটাইজাৰ আদি ৰাখিব লাগিব৷

পূজা মণ্ডপত প্ৰৱেশ কৰিব বিচৰা সকলো লোকৰে শৰীৰৰ তাপমান লব লাগিব আৰু কোভিডৰ লক্ষণ থকা লোকক প্ৰৱেশ কৰিবলৈ দিব নোৱাৰিব৷ ভক্ত সমবেত হোৱাৰ পূৰ্বে আৰু ভক্ত আতৰি যোৱাৰ পিছত দিনটোত মুঠ দুবাৰ পূজা মণ্ডপ ছেনেটাইজ কৰিব লাগিব৷

নিশা ১০ বজাত সান্ধ্য আইন আৰম্ভ হ’ব আৰু তাৰ পূৰ্বেই ভক্তৰ বাবে পূজা মণ্ডৰ বন্ধ হ’ব লাগিব৷ নিশা ১০ বজাৰ পিছত সীমিত সংখ্যক লোকৰ উপস্থিতিত এৰাব নোৱাৰা পূজাহে সম্পন্ন কৰিব পাৰিব৷ পূজা উপলক্ষে কোনোধৰণৰ সাংস্কৃতিক সন্ধিয়া, মেলা, শোভাযাত্ৰা আদি অনুষ্ঠিত কৰিব নোৱাৰিব৷

পূজা মণ্ডপৰ ভিতৰত এটা সময়ত পূজাৰী আৰু আয়োজকসহ সৰ্বাধিক ৪০ জন ব্যক্তিহে সমবেত হ’ব পাৰিব৷ পথৰ ওপৰত বা কাষত কোনোধৰণৰ অস্থায়ী মণ্ডপ নিৰ্মাণ কৰিবলৈ দিয়া নহ’ব৷

পূজা মণ্ডপৰ কাষত পথৰ কাষত দোকান জিলা প্ৰশাসনৰ অনুমতি লৈহে দিব পাৰিব৷ দেৱা প্ৰতিমাৰ আকাৰ সীমিত হ’ব লাগিব যাতে কঢ়িয়াওতে কম সংখ্যক ব্যক্তিৰ প্ৰয়োজন হয়৷

কোনো পৰিস্থিতিতে দেৱী প্ৰতিমা বিসৰ্জনৰ শোভযাত্ৰাৰ অনুমতি নিদিয়ে জিলা প্ৰশাসনে৷

দশমীৰ দিনা ধুবুৰী টাউনত আৰক্ষীয়ে নিৰ্ধাৰণ কৰি দিয়া স্থানৰ পৰা বিসৰ্জনৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব আৰু দেৱা প্ৰতিমা পোনে পোনে কতো নৰখাকৈ নি বিসৰ্জন কৰিব লাগিব৷

বিসৰ্জনৰ বাবে প্ৰতিখন পূজা সমিতিক নিৰ্দিষ্ট সময় দিয়া হ’ব৷ পূজা সমিতিৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি প্ৰয়োজনসাপেক্ষে বিসৰ্জনৰ সময় দুদিনলৈ বৃদ্ধি কৰা হ’ব পাৰে৷

প্ৰতিখন পূজা সমিতিয়ে স্বচ্ছতা মানি চলিব লাগিব আৰু জাবৰ এটা স্থানত গোটাই থব লাগিব য’ৰ পৰা পৌৰসভাৰ কৰ্মচাৰীয়ে জাবৰ লৈ আনিব৷

পূজাৰ দিনকেইটাত আৰু বিসৰ্জনৰ সময়ত সকলোধৰণৰ জৰুৰী পৰিস্থিতিৰ বাবে ধুবুৰী জিলা প্ৰশাসনৰ এটা কেন্দ্ৰীয় নিয়ন্ত্ৰণ কক্ষ থাকিব আৰু ইয়াৰ সৈতে যোগাযোগৰ বাবে তিনিটা ফোন নম্বৰো থাকিব৷ নম্বৰকেইটা হৈছে ১০৭৭, ০৩৬৬২২৩১১৪৯ আৰু ৮১৩৪৯১৩২৬৯৷

মুকেশ সিং,ধুবুৰী

মুকেশ সিং,ধুবুৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd