বহিঃৰাজ্যত পুনৰ অসমৰ ৪ জন শ্ৰমিকক নিৰ্মমভাৱে হানি-খুঁচি হত্যা

পুনৰ বহিঃৰাজ্যত অসমৰ চাৰিগৰাকীকৈ শ্ৰমিকক দুৰ্বৃত্তৰ দলে চোকা অস্ত্ৰৰে অতি নিৰ্মমভাৱে হানি-খুচিঁ হত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে।

নিহতকেইজনৰ মাজৰে এজন ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তৰ্গত ৩ নং ইকৰাবাৰী গাঁৱৰ আব্দুল মালেকৰ পুত্ৰ আব্দুল আৱাল (৩৩) আৰু আন তিনিজন শিলচৰৰ বুলি জানিব পৰা গৈছে। অৱশ্যে বাতৰি লিখা সময়লৈকে আন তিনিজনৰ পৰিচয় জানিব পৰা হোৱা নাই।

নিহত আব্দুল আৱালে পত্নীৰ লগতে দুই সন্তানক এৰি থৈ গৈছে। উল্লেখযোগ্য যে ১৩ নৱেম্বৰত মেঘালয়ৰ সাত কিলো নামৰ ঠাইত ৫ জনকৈ শ্ৰমিক শুই থকা অৱস্থাত ৬-৭ জনীয়া দুৰ্বৃত্তৰ এটা দলে অতৰ্কিতে আক্ৰমণ কৰি চাৰিজনকৈ শ্ৰমিকক হত্যা কৰে।

অৱশ্যে পাঁচজন শ্ৰমিকৰ মাজৰে এজন ইকৰাবাৰী গাঁৱৰ ৰুহুল আমিন নামৰ শ্ৰমিকজনে দুৰ্বৃত্তৰ দলটোৰ আক্ৰমণৰ পৰা কোনো মতে নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়। আৰু তেওঁ নিহত আব্দুল আৱালৰ পৰিয়ালক ফোনযোগে অৱগত কৰে।

ইফালে পৰিয়ালৰ লোকে ঘটনাৰ বিষয়ে অৱগত হৈ ১৪ নৱেম্বৰত মেঘালয়লৈ গৈ মৃতদেহ উদ্ধাৰ কৰি অনাৰ লগতে ৰৌতা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।

আৰক্ষীয়ে পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিতে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰাৰ লগতে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ওদালুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।