যুৱকৰ প্ৰেম প্ৰত্যাখান কৰাৰ বাবেই নাবালিকাক নিৰ্যাতন কৰি আৰক্ষীৰ জালত পৰিল তিনি বন্ধুসহ প্ৰেমিক।
ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত চাৰি যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
চুলুং আৰক্ষীৰ জালত পৰা চাৰি যুৱক ক্ৰমে দিজুবস্তিৰ মিঠুন ঘোষ, মিছাৰ অজয় গুপ্তা, বৰচোঙৰ নৰেন দাস আৰু জিণ্টু বসুমতাৰী।
দাবী-ধমকিৰে প্ৰেম দাবী কৰা মিঠুন ঘোষৰ প্ৰেম প্ৰত্যাখান কৰাৰ বাবে নাবালিকাৰ পৰিয়ালক নিৰ্যাতন চলোৱাৰ অভিযোগ তুলিছে ভুক্তভোগীৰ পৰিয়ালে।
নাবালিকাৰ বাসগৃহলৈ গৈ ভয়-ভাবুকি প্ৰদান কৰাৰ লগতে এক লাখ টকা ধনদাবী কৰাৰো অভিযোগ উঠিছে চাৰি যুৱকৰ বিৰুদ্ধে।
নাবালিকা গৰাকীক অপহৰণৰো চেষ্টা কৰিছিল চাৰি যুৱকে ।
ভুক্তভোগী নাবালিকাৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে চাৰি অভিযুক্ত যুৱকক।
ধৃত যুৱক কেইজনৰ পৰা এটা ম’বাইল ফোনসহ আৰক্ষীয়ে জব্দ কৰে AS-12S-7571 নম্বৰৰ মাৰুতি চিয়াজ বাহন এখনো।