হাজাৰৰো অধিক প্ৰতিযোগীৰ অংশগ্ৰহণেৰে আজি অনুষ্ঠিত হয় ডিব্ৰুগড় মাৰাথন

m-2-570x320

ডিব্ৰুগড় মাৰোৱাৰি যুৱ মঞ্চৰ উদ্যোগত আজি অনুষ্ঠিত হয় চতুৰ্থ সংখ্যক ডিব্ৰুগড় মাৰাথন । ৰাতিপুৱা ৫.৩০ বজাত চৰকাৰী ল’ৰা হাইস্কুলৰ সম্মুখৰ পৰা আৰম্ভ হোৱা মাৰাথনত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে বিভিন্ন ক্ষেত্ৰৰ হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰা দেখা যায়।

‘কিপিং ট্ৰেক অন এনভাৰ’মেণ্ট’ (Keeping Track on Environment) শীৰ্ষক মূল শ্লোগানেৰে আৰম্ভ হোৱা চতুৰ্থ সংখ্যক ডিব্ৰুগড় মাৰাথনৰ হাফ মাৰাথন (২১.১ কিলোমিটাৰ)ত প্ৰথম স্থান লাভ কৰে সঞ্জয় ভূমিজে। ৭ কিলোমিটাৰ দৌৰত দেৱজিৎ খালখো আৰু ৰুমি মুণ্ডাই প্ৰথম, ৫ কিলোমিটাৰত অনালিছা শইকীয়া আৰু সুনীল সেনে প্ৰথম আৰু ১১ কিলোমিটাৰ দৌৰত সঞ্জীপ বাঘ আৰু মাইনা মুণ্ডাই প্ৰথম স্থান অধিকাৰ কৰে।

উল্লেখ্য যে ডিব্ৰুগড় মাৰাথন অনুষ্ঠিত হৈছিল চাৰিটা শাখাত। ১০ বছৰ তথা তাৰ ওপৰৰ প্ৰতিযোগীৰ বাবে ৫ কিলোমিটাৰ, ১৪ বছৰ তথা তাৰ ওপৰৰ বাবে ৭ কিলোমিটাৰ, ১৪ বছৰৰ ওপৰৰ বাবে ১১ কিলোমিটাৰ আৰু ১৬ বছৰৰ ওপৰৰ প্ৰতিযোগীৰ বাবে ২১.১ কিলোমিটাৰ হাফ মাৰাথন অনুষ্ঠিত হৈছিল।

প্ৰতিযোগিতাখনৰ জনসম্পৰ্ক বিষয়া সুবীৰ কেজৰিৱালে কয়, ‘বিগত বৰ্ষসমূহতকৈ এই বৰ্ষৰ মাৰাথনত অধিক সংখ্যকে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। কিপিং ট্ৰেক অন এনভাৰ’মেণ্ট শীৰ্ষক শ্লোগানৰ মূল উদ্দেশ্য হৈছে পৰিৱেশ বিনষ্ট কৰা প্লাষ্টিক সামগ্ৰী সমাজৰ পৰা বৰ্জন কৰি পৰিৱেশ নিয়ন্ত্ৰণত ৰখা’।

তেওঁ লগতে কয় যে ডিব্ৰুগড় মাৰাথনৰ জনপ্ৰিয়তা বছৰে বছৰে বাঢ়ি যোৱা পৰিলক্ষিত হৈছে। সেয়ে প্ৰথমবাৰৰ বাবে এইবাৰ আমি হাফ মাৰাথনৰো আয়োজন কৰা হৈছিল।

আনহাতে আজিৰ এই অনুষ্ঠানত মুম্বাইত প্ৰতিষ্ঠিত বলিউড গায়ক কৌশিক কাশ্যপে বলিউডৰ কিছু জনপ্ৰিয় গীত পৰিৱেশন কৰি পৰিৱেশ জীপাল কৰি তোলা পৰিলক্ষিত হয়।