কাশ্মীৰ প্ৰসংগত ভাৰতৰ পক্ষত থাকি পাকিস্তান-চীনক সকিয়ালে এই খন পশ্চিমৰ দেশে

kashmir-a-bilateral-issue-france-to-pakistan

লাডাখ প্ৰসংগত আমেৰিকাৰ ভাৰতস্থিত ৰাষ্ট্ৰদূতে কালি চীনক সকিওৱাৰ পিছত আজি পশ্চিমৰ আন এখন দেশে কাশ্মীৰ প্ৰসংগত চীন আৰু পাকিস্তানক সকিয়নি দিলে।

পেৰিছত আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰৰ পৰামৰ্শদাতা ইমানুৱেল বোনে চীন-পাকিস্তানক সকিয়নি দি কয় যে দুয়ো খন দেশেই কাশ্মীৰ প্ৰসংগকলৈ অযথা অশান্তিৰ সৃষ্টি কৰি আহিছে।

কাশ্মীৰ প্ৰসংগত ফ্ৰান্সে সদায় ভাৰতক সমৰ্থন জনাই যাব বুলি স্পষ্ট কৰি দি দি ৰাষ্ট্ৰপতি ইমানুৱেলৰ পৰামৰ্শদাতা গৰাকীয়ে কয় যে যেতিয়াই কাশ্মীৰৰ বিষয়টোকলৈ ভাৰতৰ নিৰাপত্তাৰ প্ৰতি ভাবুকিৰ সৃষ্টি হ’ব তেতিয়াই ফ্ৰান্সে ভাৰতৰ পক্ষত থিয় দিব।

ভাৰতৰ বিভিন্ন স্থানত সন্ত্ৰাসবাদীয়ে ভয়ংকৰ আক্ৰমণ চলোৱাৰ পিছতো ভাৰত চৰকাৰে সন্ত্ৰাসবাদ নিৰ্মূলৰ ক্ষেত্ৰত যি ধৈৰ্য্য আৰু সাহসেৰে সংগ্ৰাম চলাই গৈছে সেয়া সঁচাকৈয়ে প্ৰশংসাৰ যোগ্য বুলি তেওঁ মন্তব্য কৰে।

চীনক সকিয়াই দি ফ্ৰান্সৰ কূটনীতিকগৰাকীয়ে কয় যে হিমালয়ৰ ক্ষেত্ৰত চীনৰ আগ্ৰাসন সমৰ্থনযোগ্য কথা নহয়।

এই ক্ষেত্ৰত ভাৰতৰ স্থিতিক ফ্ৰান্সে সদায় সমৰ্থন জনাই যাব বুলি তেওঁ কয়।

চীন-পাকস্তিানৰ বিৰুদ্ধে ফ্ৰান্সৰ কূটনীতিকগৰাকীয়ে কৰা এনে মন্তব্যই এতিয়া অস্বস্তিত পেলাইছে  ভাৰতৰ বৈৰী দুয়োখন দেশকে।