সোণৰ কলহ : নগাঁৱত প্ৰবঞ্চক চক্ৰই প্ৰলোভনেৰে সৰকালে সাত লক্ষ টকা

fraud

প্রতিনিধিত্বমূলক ফটো

বিগত কিছুদিন ধৰি চুৰি-ডকাইতি, ধৰ্ষণ-হত্যা আদিৰ দৰে নানান অপৰাধ জনিত ঘটনাই নগাঁৱৰ সৰ্বসাধাৰণ ৰাইজক উদ্বিগ্ন কৰি ৰখাৰ সময়তে আন এক অপৰাধী চক্ৰই নতুন কৌশল অৱলম্বন কৰি ধন লুট কৰাৰ চেষ্টা অব্যাহত ৰাখিছে।

এই ধৰণৰ অপৰাধ ৰোধ কৰাৰ সমান্তৰালভাবে অপৰাধীক কৰায়ত্ত কৰাত অলপো সফল হ’ব পৰা নাই নগাঁও আৰক্ষী। ইয়াৰ মাজতে সোণৰ কলহ দিয়াৰ নামত এটা প্ৰবঞ্চক চক্ৰ‌ই নগাঁৱৰ এটা পৰিয়ালৰ পৰা সাত লাখ টকা লুটি কৰি নিয়ে।

তেজপুৰ পাঁচআলিৰ এই অসাধু চক্ৰটোৱে মিছা প্ৰলোভনেৰে নগাঁৱৰ কচলুখোৱা ইছলামপট্টিৰ এটা পৰিয়ালক সৰ্বস্বান্ত কৰে। সম্প্ৰতি টকা ঘূৰাই বিচাৰি নগাঁও জিলা আৰক্ষী অধীক্ষকৰ ওচৰত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী পৰিয়ালটোৰ এগৰাকী মহিলাই।ছয়মাহ পূৰ্বে সংঘটিত হৈছিল এই ঘটনা।

জানিব পৰা মতে, যমুনামুখৰ ইব্ৰাহিম আলীয়ে সপোনত দেখে যে কচলুখোৱা ইছলামপট্টিৰ আব্দুল ৰহমান আৰু জৰিনা বেগমৰ ঘৰত সোনৰ কলহ  মাটিৰ তলত পুতি থোৱা আছে। সেই মৰ্মে ইব্ৰাহিমে আব্দুল ৰহমানৰ পৰিয়ালৰ কাষ চাপে আৰু তেওঁলোকক কয় যে সপোনত দুটা সোণৰ কলহ দেখা পাইছে আৰু সেই কলহ দুটা তেওঁলোকৰ ঘৰৰ মজিয়াতে থকা বুলিও অৱগত কৰে।

সেই কলহ দুটা উদ্ধাৰৰ বাবে ইব্ৰাহিমে লগ লগাই দিয়ে তেজপুৰৰ পাঁচ আলিৰ ছফিকুল ইছলাম, আজিবুৰ ৰহমান, আব্দুল কাচেমকে ধৰি চাৰিজন লোকক। সেই কেইজনে নিজকে বাবা বুলি পৰিচয় দিয়ে। সোণৰ কলহ উলিয়াই দিয়াৰ নামত জৰিনা বেগম আৰু তেওঁৰ স্বামী আব্দুলৰ পৰা ইব্ৰাহিম আৰু এই দুষ্ট চক্ৰটোয়ে কেইবাটাও কিস্তিত সৰকাই নিয়ে সাত লাখ টকা।

সোণৰ কলহৰ আশাত ঘৰৰ গাড়ী, সা-সম্পত্তি বিক্ৰী কৰি আনকি সুদলৈও টকা ধাৰ লৈ সেই টকা জৰিনা আৰু তেওঁৰ স্বামী আব্দুলে গতাই দিছিল দুষ্ট চক্ৰটোৰ হাতত। কিন্তু এদিন দুদিনকৈ ছয় মাহ পাৰ হৈ গল যদিও সোণৰ কলহ নাপালে। আনকি আদায় দিয়া ধনো ঘুৰাই নাপালে পৰিয়ালটোৱে।

অৱশেষত শুকুৰবাৰে নগাঁও আৰক্ষীৰ কাষ চাপে জৰিনা বেগম নামৰ মহিলাগৰাকী। এই ক্ষেত্ৰত আৰক্ষীয়ে কি পদক্ষেপ লয়, সেয়া পৰৱৰ্তী সময়ত লক্ষনীয় হ’ব।