১১৬ বছৰ বয়সত মৃত্যু বিশ্বৰ আটাইতকৈ বয়োজ্যেষ্ঠ ব্যক্তি ফ্ৰেডি ব্ল’মৰ

ff111111

বিশ্বৰ আটাইতকৈ বয়োজ্যেষ্ঠ ব্যক্তি ফ্ৰেডি ব্ল’মৰ মৃত্যু ঘটিছে।

দক্ষিণ আফ্ৰিকাৰ কেপ টাউন চহৰৰ নিজা বাসভৱনত ১১৬ বছৰ বয়সত বিশ্বৰ আটাইতকৈ বয়োজ্যেষ্ঠ ব্যক্তি হিচাবে স্বীকৃত ব্ল’মৰ মৃত্যু ঘটে। শনিবাৰে মৃত্যু ঘটা ফ্ৰেডি ব্ল’মে দুখনকৈ বিশ্ব যুদ্ধৰ সাক্ষী হৈ ৰোৱাৰ লগতে বিগত এটা শতিকাৰো অধিক কাল ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তত সংঘটিত ৰাজনৈতিক, সামাজিক,অৰ্থনৈতিক আদি নানান ঘটনা- পৰিঘটনা প্ৰত্যক্ষ কৰিছিল।

১৯০৪ চনৰ ৮ মে’ত দক্ষিণ আফ্ৰিকাৰ ইষ্টাৰ্ণ কেপ প্ৰদেশত জন্মগ্ৰহণ কৰা ব্ল’ৰ পৰিয়ালৰ প্ৰায় সকলো সদস্যৰ ১৯১৮ চনত হোৱা স্পেনিজ ফ্লু মহামাৰীত মৃত্যু ঘটিছিল।

কিন্তু সেই মহামাৰীত দৈৱক্ৰমে প্ৰাণৰক্ষা পৰিছিল ব্ল’মৰ।

সুদীৰ্ঘ জীৱনৰ ৰহস্য সন্দৰ্ভত মৃত্যুৰ কিছুদিন পূৰ্বে দিয়া এক সাক্ষাৎকাৰত ব্ল’মে কৈছিল যে তেওঁ ভগৱানক বিশ্বাস কৰে আৰু ভগৱানেই তেওঁক বচাই ৰাখিছে।

আদিতে মদ্যপান কৰা ব্ল’মে পিছলৈ সেই অভ্যাস ত্যাগ কৰিছিল যদিও মৃত্যুৰ আগলৈকে তেওঁ ধূমপান কৰিছিল।

ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখি কাম কৰি গ’লে মানুহে জীৱনত ভয় কৰিবলগীয়া একো নাই বুলি ব্ল’মে বিবিচিৰ সাক্ষাৎকাৰত কৈছিল।

ব্ল’মৰ এগৰাকী আত্মীয় এন্ড্ৰে নাইড’ই প্ৰকাশ কৰা মতে মৃত্যুৰ প্ৰায় এসপ্তাহ আগলৈকে ব্ল’মে খৰি ফালি আছিল।

তেওঁ যথেষ্ট শাৰীৰিক শ্ৰম কৰিছিল বুলি নাইড’ই প্ৰকাশ কৰে।