বিশ্বনাথত বিনামূলীয়া চকু চিকিৎসা শিবিৰৰ আয়োজন

বিশ্বনাথ চাৰিআলিৰ প্ৰতিষ্ঠিত ব্যৱসায়িক প্ৰতিষ্ঠান সুন্দাৰাম মহাদেউ উদ্যোগ আৰু মাৰোৱাৰী সমাজ তথা লায়ন্স ক্লাব অৱ গুৱাহাটী চিটিৰ সহযোগত অহা ৯ জুনত বিশ্বনাথত বিনামূলীয়া চকু চিকিৎসা শিবিৰৰ আয়োজন কৰা হৈছে।

আজি বিশ্বনাথ চাৰিআলিস্থিত সুন্দাৰাম মহাদেউ ব্যৱসায়িক প্ৰতিষ্ঠানত এক সংবাদমেল অনুষ্ঠিত কৰি ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী দিলীপ আগৰৱালাই এই কথা জানিবলৈ দিয়ে।

আনহাতে ইতিমধ্যে ৰোগীৰ পঞ্জীয়নৰ কাম আৰম্ভ কৰা হৈছে বুলি জানিবলৈ দি আগৰৱালাই কয় যে প্ৰয়োজন সাপেক্ষে ৰোগীসকলক বিনামূলীয়া চছমা দিয়াৰ ব্যৱস্থা কৰাৰ লগতে দৰিদ্ৰ সীমা ৰেখাৰ তলৰ ৰোগীসকলৰ বাবে গুৱাহাটী লায়ন্স আই হস্পিতালত বিনামূলীয়া কেটেৰেক্ট অপাৰেশ্যনৰ বাবে ব্যৱস্থা কৰা হৈছে।

উদ্যোক্তা সকলে জনাই যে বিনামূলীয়া চকু পৰীক্ষাৰ সুবিধা গ্ৰহণ কৰিব বিচৰা লোকসকল ৯৪৩৫৫৩৫৫৪৯ বা ৭৫৭৮৯৯৯২৬১ নম্বৰত যোগাযোগ কৰি নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব।