চামগুৰিত উদ্যান শস্যৰ খেতি আৰু ফল-মূল সংৰক্ষণ সম্পৰ্কে বিনামূলীয়া প্ৰশিক্ষণ শিৱিৰ

Chamaguri

নগাঁও জিলাৰ নেহৰু যুৱক কেন্দ্ৰৰ উদ্যোগত আৰু নৱ কিৰণ যুটিয়া কৃষি সমবায় সমিতি, ভেলেউগুৰিৰ ব্যৱস্থাপনাত আজি ‘উদ্যান শস্যৰ খেতি আৰু ফল-মূল সংৰক্ষণ’ শীৰ্ষক এটি বিনামূলীয়া প্ৰশিক্ষণ শিৱিৰ শুভাৰম্ভ কৰা হয়।

নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত ভেলেউগুৰিস্থিত ৰাজহুৱা প্ৰেক্ষাগৃহত বাজিয়াগাঁও উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া হিৰণ্য কুমাৰ চমুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত প্ৰশিক্ষণ শিৱিৰৰ উদ্বোধনী অনুষ্ঠানৰ আঁট ধৰে নৱ কিৰণ যুটিয়া কৃষি সমবায় সমিতিৰ কাৰ্যকৰী সভাপতি মৃদুল কলিতাই।

আজিৰ সভাত ‘উদ্যান শস্যৰ খেতি আৰু ফল-মূল সংৰক্ষণ’ শিৱিৰৰ মুখ্য প্ৰশিক্ষক শৰৎ চমুৱা, নেহেৰু যুৱক কেন্দ্ৰৰ উত্তৰ-পূব ভাৰতৰ প্ৰাক্তন সমন্বয়ক তথা ক্ৰীয়া সংগঠক ঘনশ্যাম হাজৰিকা, নেহৰু যুৱক কেন্দ্ৰ, নগাঁও জিলা গাণনিক ধনঞ্জয় তালুকদাৰ, প্ৰাক্তন জেষ্ঠ অভিযন্তা দেৱানন্দ বৰা, চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কৰ্মচাৰী শান্তিৰাম হাজৰিকা উপস্থিত থাকি উদ্যান শস্যৰ বিভিন্ন দিশৰ ওপৰত ভাষণ প্ৰদান কৰে।

ইয়াৰ পূৰ্বে জাতিৰ পিতা মহাত্মা গান্ধী আৰু ভুতপূৰ্ব প্ৰয়াত প্ৰধান মন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পন আৰু বন্তি প্ৰজ্বলনেৰে উক্ত উদ্বোধনী অনুষ্ঠান শুভাৰম্ভ কৰা হয়।