NORTHEAST NOW (Assamese)

ৰাজ্যিক মৰ্যাদাৰে প্ৰবীণ মুক্তিযোদ্ধা ডিম্বপ্ৰসাদ বৰুৱাৰ শেষকৃত্য সম্পন্ন

July 30, 2022 1:40 pm · পার্শ্বজোতি গগৈ, শিৱসাগৰ
Updated: July 30, 2022 2:03 pm

শুকুৰবাৰে সন্ধিয়া ১০৮ বছৰ বয়সত বাৰ্ধক্যজনিত কাৰণত শেষ নিশ্বাস ত্যাগ কৰা শিৱসাগৰৰ প্ৰবীণ মুক্তিযোদ্ধা ডিম্বপ্ৰসাদ বৰুৱাৰ শেষকৃত্য সম্পন্ন হৈছে।

জিলা প্ৰশাসনে ৰাজ্যিক মৰ্যাদাৰে জয়সাগৰত শেষকৃত্য সম্পন্ন কৰে ১৯১৪ চনত শিৱসাগৰ কোঁৱৰপুৰত জন্ম গ্ৰহণ কৰা মুক্তিযোদ্ধা গৰাকীৰ নশ্বৰ দেহ।

১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত সক্ৰিয় অংশগ্ৰহণকাৰী ডিম্বপ্ৰসাদ বৰুৱাক বৃটিছে চাৰিবাৰকৈ গ্ৰেপ্তাৰ কৰিছিল।

ফটো: নৰ্থইষ্ট নাও।

কেইবাবাৰো ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা মুক্তিযোদ্ধাৰ সন্মান লাভ কৰা  ডিম্বপ্ৰসাদ বৰুৱাই জীৱন কালত জাতিৰ পিতা মহাত্মা গান্ধীৰ সান্নিধ্য লাভ কৰি  স্বাধীনতা আন্দোলনত জপিয়াই পৰিছিল।

দেশ স্বাধীন হোৱাৰ পিছত শিক্ষানুষ্ঠানকে ধৰি বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠান প্ৰতিষ্ঠাত বৰঙণি আগবঢ়াই যোৱা ডিম্বপ্ৰসাদ বৰুৱাৰ মৃত্যুত শিৱসাগৰত শোকৰ ছাঁ পৰিছে। 

ফটো: নৰ্থইষ্ট নাও।

আজি স্বাধীনতা সেনানী গৰাকীৰ  নশ্বৰ দেহ সৎকাৰ কৰাৰ প্ৰাকক্ষণত অসম চৰকাৰৰ লগতে শতাধিক বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

Related News