DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, March 24, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

Happy Birthday Sonu Sood: ১৩০ কোটি টকাৰ সম্পত্তি চনু সুদৰ! উপাৰ্জনৰ উৎস অকল অভিনয়নে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 30, 2022 4:09 pm
184
VIEWS
Share on FacebookShare on Twitter

Happy Birthday Sonu Sood আজি ৩০ জুলাই বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেতা তথা সাধাৰণ মানুহৰ ‘দেৱদূত’ চনু সুদৰ জন্মদিন। এপিনে একাধিক চলচ্চিত্ৰত ৰূপায়ন কৰা তেওঁৰ বিভিন্ন চৰিত্ৰ, তেওঁৰ অনবদ্য শাৰীৰিক গঠনে মনোযোগ আকৰ্ষণ কৰিছে, আনহাতে কৰোনা কালত তেওঁ যিদৰে সাধাৰণ মানুহৰ কাষত থিয় দিছে সেয়া বলীউডত আগতে কেতিয়াও দেখা যোৱা নাছিল।

নিশাটোৰ ভিতৰতে তেওঁ ৰূপালী পৰ্দাৰ পৰা বাস্তৱৰ এগৰাকী প্ৰকৃত নায়ক হৈ পৰিছিল। অৱশ্যে ই কেৱল কৰোনা কালতে আবদ্ধ হৈ থকা নাই, তাৰপিছত চনুৱে নিজৰ এটা কোম্পানী আৰম্ভ কৰিছিল আৰু তেওঁৰ সেই কোম্পানী এতিয়াও বিপদৰ সময়ত বহুতো সাধাৰণ মানুহৰ আশ্ৰয়হৈ পৰে।

চলচ্চিত্ৰৰ জগতখনে তেওঁক যি জনপ্ৰিয়তা প্ৰদান কৰিছিল সেয়া মহামাৰীৰ সময়ত বহুগুণে বৃদ্ধি পাইছিল। শনিবাৰে তেওঁৰ জন্মদিনত অভিনয়ৰ উপৰিও তেওঁৰ ব্যক্তিগত জীৱন আৰু শিক্ষাগত অৰ্হতা, উপাৰ্জনৰ উৎসকলৈ সৰ্বসাধাৰণৰ কৌতুহল দূৰ কৰা যাওক।

চনুৱে তেওঁৰ জন্মস্থান মোগাত স্কুলীয়া শিক্ষা অতিবাহিত কৰিছিল। তেওঁৰ মাক এগৰাকী অধ্যাপক আছিল আৰু তেওঁৰ দেউতাক আছিল এগৰাকী ব্যৱসায়ী। স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত চনুৱে নাগপুৰৰ পৰা ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং ডিগ্ৰী লয়। অৱশ্যে তেওঁ অভিযান্ত্ৰিক কেৰিয়াৰৰ পৰিৱৰ্তে অভিনয়ৰ পৃথিৱীত সংগ্ৰাম আৰম্ভ কৰে। ১৯৯৬ চনত সোনালীৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা চনু এতিয়া দুই সন্তান আয়ান আৰু ইশান্তৰ পিতৃ।

চনু সুদে প্ৰতিখন চলচ্চিত্ৰৰ বাবে পাৰিশ্ৰামিক ২ কোটি টকা লয়। তেওঁৰ শক্তি সাগৰ নামৰ এটা প্ৰযোজনা সংস্থাও আছে। তেওঁ কেইবাটাও ব্ৰেণ্ড এণ্ডোৰ্চমেণ্টো কৰে। কোৱা হয় যে চনুৰ বাবে উপাৰ্জনৰ মূল উৎস চলচ্চিত্ৰ নহয়, বিজ্ঞাপনহে। তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ১৭ নিযুত ডলাৰ অৰ্থাৎ ভাৰতীয় মুদ্ৰাত ১৩০ কোটি টকা।

চনুৱে মুম্বাইৰ লোখাণ্ডৱালাত এটা ২৬০০ বৰ্গফুটৰ বিলাসী এপাৰ্টমেণ্টত পৰিয়ালৰ সৈতে বাস কৰে। তেওঁৰ মুম্বাইত আন দুটা ফ্লেট, জুহুত এখন বিলাসী হোটেল আৰু তেওঁৰ গৃহ চহৰ মোগাত এটা বাংলো আছে। অভিনেতাগৰাকীৰ গাড়ীৰ প্ৰতি বিশেষ চখ আছে। তেওঁৰ গাড়ী সংগ্ৰহৰ ভিতৰত আছে মাচিৰ্ডিজ বেঞ্জ এমএল ক্লাছ ৩৫০ চিডিআই, যাৰ মূল্য হৈছে ৬৬ লাখ টকা। এখন অডি কিউ ৭ আছে, যাৰ মূল্য প্ৰায় ৮০ লাখ। তদুপৰি আছে এখন ২ কোটি টকা মূল্যৰ পোৰ্চে পানামা।

ইমান ধন-সম্পত্তিৰ গৰাকী হৈও চনু সুদে সাধাৰাণভাৱে মানুহৰ সৈতে মিলি ভাল পায়। কামৰ বাহিৰে তেওঁ বেছিভাগ সময় পঞ্জাৱৰ তেওঁৰ গৃহ চহৰ মোগাত কটায়।

Recent News

opposition parties goes Supreme Court

কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহৰ অপব্যৱহাৰ: চৰকাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ ১৪ টা বিৰোধী দল

Salman Khan

ব্ৰিটেইনৰ পৰা আহিছিল ছলমাল খানক হত্যাৰ ভাবুকিৰ মেইল! মেইলৰ সৈতে সংলগ্ন ব্ৰিটেইনৰ ফোন নম্বৰ

Rahul Gandhi At Cambridge

ৰাহুল গান্ধীৰ কেম্ব্ৰিজ ভাষণ: বিজেপি নেতাৰ আবেদন খাৰিজ আদালতৰ

Kejriwal Supports Rahul Gandhi

কংগ্ৰেছৰ প্ৰতি সদয় কেজৰিৱাল! ৰাহুল গান্ধীলৈ মুকলি সমৰ্থন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd