যাত্ৰীক মাস্ক পৰিধান কৰিবলৈ কোৱাৰ বাবেই গণ প্ৰহাৰ, বাছ চালকৰ মৃত্যু

skynews-bayonne_503670

মানুহ জনে কোনো ভুল কৰা নাছিল। তেওঁ মাত্ৰ একাংশ যাত্ৰীক কৈছিল —‘আপোনালোকে অনুগ্ৰহ কৰি মাস্ক পৰিধান কৰক’। কিন্তু মানুহ জনৰ কথা বহু যাত্ৰীয়ে শুনা নাছিল। মানুহ জনে আকৌ অনুৰোধ জনাইছিল-‘আপোনালোকে মাস্ক পিন্ধি লওক, নহ’লে কিন্তু বাছত যাব নোৱাৰিব।’

এইবাৰ কেইজন মান উদণ্ড যাত্ৰী তেওঁৰ কাষলৈ আহি তেওঁৰ সৈতে তৰ্কত লিপ্ত হ’ল।

তৰ্কই এটা সময়ত হতাহতিৰ ৰুপ ল’লে।

মানুহজন অৰ্থাৎ বাছখনৰ চালক জনৰ মুখ, মূৰ,পেট সকলোতে উদণ্ড যাত্ৰী সকলে চলাই গ’ল আক্ৰমণ। এটা সময়ত মানুহজন সংজ্ঞাহীন হৈ পৰিল।

মাস্ক পৰিধান নকৰা যাত্ৰীৰ আক্ৰমণত আহত ফিলিপ মংগুইলট নামৰ বাছ চালক জনক এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হ’ল।

কিন্তু মূৰত গুৰুতৰ ভাৱে আঘাত পোৱা মংগুইলট নাবাচিল। তেওঁ ঢুকাল।

ঘটনাটো দক্ষিণ-পশ্চিম ফ্ৰান্সৰ বায়োঁ নামৰ চহৰ খনৰ।

ফ্ৰান্সত এতিয়া লকডাউন খুলি দিয়া হৈছে। সেয়ে আৰম্ভ হৈছে ৰাজহুৱা পৰিবহন ব্যৱস্থা।

ৰাজহুৱা পৰিবহনৰ এখন বাছৰ চালক আছিল ৫৯ বছৰীয়া ফিলিপ মংগুইলট ।

মাস্ক পৰিধান নকৰা যাত্ৰীক সতৰ্ক কৰিবলৈ গৈ তেওঁ সাৱটি লবলগীয়া হ’ল মৃত্যুক।

ফিলিপ মংগুইলটৰ মৃত্যুৱে এতিয়া জোকাৰি গৈছে ফ্ৰান্সক। দুৰ্ভগীয়া বাছ চালক মংগুইলটৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাবলৈ ওলাই আহিছে হাজাৰ হাজাৰ লোক।

সকলোৱে বিচাৰিছে অপৰাধীৰ দৃষ্টান্তমূলক শাস্তি।

ফ্ৰান্সৰ আভ্যন্তৰীণ দপ্তৰৰ মন্ত্ৰী জেৰাল্ড ডাৰমানিনেও বিষয়টোক গুৰুত্ব সহকাৰে লৈ আৰক্ষীক কঠোৰ নিৰ্দেশ দিছে সকলো অপৰাধীক কৰায়ত্ত্ব কৰিবলৈ।