NORTHEAST NOW (Assamese)

১ ছেপ্তেম্বৰৰ পৰা খুলিব বিদ্যালয়, আমি ক’ৰ’নাৰ সৈতে বাস কৰিব লাগিব : ফ্ৰাঞ্চৰ ৰাষ্ট্ৰপতি

August 21, 2020 9:17 pm · এন ই নাও নিউজ
Updated: August 21, 2020 9:19 pm
ফ্ৰাঞ্চৰ ৰাষ্ট্ৰপতি

ফ্ৰাঞ্চৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেকৰণে বৃহস্পতিবাৰে কয় যে, দেশৰ ছাত্ৰ-ছাত্ৰীসকল ছেপ্তেম্বৰৰ ১ তাৰিখৰ পৰা বিদ্যালয়লৈ যাব লাগিব।

”আহি থকা দিনত বিদ্যালয়লৈ পুনৰ যোৱা কাৰ্য্য আৰম্ভ হ’ব,” ইমানুৱেল মেকৰণে কয়।

জাৰ্মানীৰ চেঞ্চেলৰ এঞ্জেলা মাৰ্কেলৰ সৈতে অনুষ্ঠিত কৰা এখন যুটীয়া সংবাদমেলত ফ্ৰাঞ্চৰ ৰাষ্ট্ৰপতি গৰাকীয়ে বিদ্যালয় খোলা সম্পৰ্কত এইদৰে গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

”আমি আমাৰ দেশক অনিশ্চয়তাৰ মাজলৈ লৈ যাব নিবিচাৰো কিন্তু আমি ক’ৰ’নাৰ সৈতে একেলগে জীয়াই থকিব শিকিব লাগিব,” মেকৰণে লগতে কয়।

উল্লেখযোগ্য যে, আমেৰিকা যুক্তৰাষ্ট্ৰত শিক্ষানুষ্ঠান সমূহ খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতে ক’ৰ’নাৰ সংক্ৰমণ পুনৰ বৃদ্ধি পাইছিল।

ভাৰততো ক’ৰ’নাৰ সংক্ৰমণ আৰম্ভ হোৱাৰ পৰা শিক্ষানুষ্ঠান সমূহ বন্ধ হৈ আছে। বৰ্তমানলৈ কেন্দ্ৰীয় চৰকাৰে শিক্ষানুষ্ঠান সমূহ খোলাৰ ক্ষেত্ৰত কোনোধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা নায়।

Related News