NORTHEAST NOW (Assamese)

কংগ্ৰেছলৈ আন এক বিপদঃ আয়কৰ বিভাগে জাৰি কৰিলে ১৭০০ কোটি টকাৰ জাননী

March 29, 2024 12:47 pm · এন ই নাও নিউজ, গুৱাহাটী

পুঁজিৰ সংকটৰ সন্মুখীন হোৱা কংগ্ৰেছ দল এইবাৰ সন্মুখীন হৈছে আন এক সংকটৰ। দেশৰ প্ৰধান বিৰোধী দলটোলৈ এইবাৰ আয়কৰ বিভাগে ১৭০০ কোটি টকাৰ জাননী প্ৰেৰণ কৰিছে।

বৃ্হস্পতিবাৰে দিল্লী উচ্চ ন্যায়ালয়ে কৰ জাননীক প্ৰত্যাহ্বান জনাই দলটোৱে দাখিল কৰা আবেদন খাৰিজ কৰাৰ পিছতে আজি আয়কৰ বিভাগৰ জাননী লাভ কৰিছে কংগ্ৰেছে।

প্ৰকাশিত খবৰ অনুসৰি, মূল্যায়ন বৰ্ষ ২০১৭-১৮ৰ পৰা ২০২০-২১ লৈ এই জাননীখন প্ৰদান কৰা হৈছে। আয়কৰ বিভাগৰ এই জাননীখনত জৰিমনা আৰু সুত অন্তৰ্ভুক্ত কৰা হৈছে বুলি সূত্ৰই প্ৰকাশ কৰিছে।

ইতিপূৰ্বে যোৱা ফেব্ৰুৱাৰী মাহত আয়কৰ বিভাগে দলৰ কৰ পৰিশোধত থকা কেৰোণৰ অভিযোগত ২০০ কোটি টকা জৰিমনা আৰোপ কৰিছিল।

এই গোচৰত উচ্চ ন্যায়ালয়ৰ পৰা কোনো ধৰণৰ সকাহ লাভ কৰা কংগ্ৰেছে। এনে পৰিস্থিতিত দলটোৱে উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰ সম্ভাৱনা আছে।

আয়কৰ বিভাগৰ এনে পদক্ষেপৰ পিছতে কংগ্ৰেছে ১৯ এপ্ৰিলৰ পৰা আৰম্ভ হ’বলগীয়া লোকসভা নিৰ্বাচনৰ পূৰ্বে দলক আৰ্থিকভাৱে বিপৰ্যস্ত কৰাৰ উদ্দেশ্যে বিজেপিয়ে কৰ বিভাগক ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে।

Related News