অশনি সংকেত! : দেশত একেদিনাই অভিলেখসংখ্যক ২৫ হাজাৰ লোক ক’ৰ’ণাত আক্ৰান্ত : মৃত্যুৰ সংখ্যা কিমান ?

12 more Covid19 patients die in Assam on Saturday

ক্ৰমাৎ জটিল পৰিস্থিতিলৈ গৈ আছে দেশৰ কোভিড১৯ পৰিস্থিতি।

এটা দিনৰ ভিতৰতে ভাৰতত কোভিড১৯ত আক্ৰান্ত হৈছে ২৫ হাজাৰোধিক লোক।

কালি দিনটোত দেশত ২৫,৫৩০ গৰাকী লোক কোভিড১৯ত আক্ৰান্ত হৈছে। প্ৰথমবাৰ এটা দিনত দেশত কোভিড১৯ আক্ৰান্ত সংখ্যাই ২৫ হাজাৰ অতিক্ৰম কৰিছে।

ইফালে কালি দিনটোতো ৪০০ কোভিড১৯ত আক্ৰান্ত লোকৰ মৃত্যু হৈছে। যোৱা ছটা দিনত একাৰাহে ৪০০ বা তাতোধিক আক্ৰান্ত লোকৰ মৃত্যু হৈছে দেশত।

কালিৰ দিনটোত কোভিড১৯ আক্ৰান্তৰ মৃত্যুৰ সংখ্যা আছিল ৪৯৩ গৰাকী। যিটো যোৱা পাঁচ দিনত দ্বিতীয় সৰ্বোচ্চ সংখ্যা। ইয়াৰ পূৰ্বে ৪ জুলাইত ভাৰতত ৬০৮ গাৰাকী আক্ৰান্তৰ মৃত্যু হৈছিল।

ইয়াৰ লগে লগে ভাৰতত কোভিড১৯ আক্ৰান্তৰ মৃত্যুৰ সংখ্যা ২১,১৪৪ গৰাকীলৈ বৃদ্ধি পালে।

আনহাতে যোৱা দিনকেইটাত দেশত কোভিড টেষ্টৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে।

দেওবাৰৰ ১.৮ লাখ আৰু সোমবাৰৰ ২.৪১ লাখৰ পৰা মঙলবাৰলৈকে ২.৫২ লাখলৈ বৃদ্ধি পাইছে কোভিড টেষ্টৰ সংখ্যা।

ভাৰতত বৰ্তমানলৈকে ৭,৬৯,০৫২ গৰাকী লোক কোভিড১৯ত আক্ৰান্ত হৈছে। যিটো বিশ্বৰ ভিতৰতে তৃতীয় সৰ্বাধিক।

ইয়াৰে ৪,৭৬,৫৫৪ গৰাকী কোভিড১৯ মুক্ত হোৱাৰ বিপৰীতে ২,৭১,৩৫৪ গৰাকী আক্ৰান্ত এতিয়াও চিকিৎসাধীন হৈ আছে।